ৰাজৰ্ষি চহৰীয়া

এই ধুনীয়া পৃথিৱীত আমি সকলোৱে মূল্যবান। কিন্তু কিয় বাৰু পাহৰি যাও আমি আমাৰ মূল্য? কিয় প্ৰায় শুনা পাওঁ কোনোবাই কৰিলে আত্মহনন? কি ইমান দুখ-কি ইমান কষ্ট-কি ইমান সমস্যাত আছে মানুহ যাৰ বাবে ত্যাগ কৰিব পাৰে কোনো এজন লোকে নিজৰ জীৱন?

পৰীক্ষাত ফেইল হ’লে, ছচিয়েল মিডিয়াত কোনোবা অচিনাক্ত ব্যক্তিয়ে ইতিকিং কৰিলে, পিতৃ-মাতৃয়ে কেতিয়াবা সন্তানৰ ভাল হওঁক বুলি দুই এবাৰ খং কৰিলে, প্ৰেমত বিফল হ’লে কি শেষ হৈ যায় নেকি জীৱন? নে সমস্যাৰ সন্মুখীন হ’ব পৰা সাহস বা মানসিকতা হ্ৰাস পাইছে মানুহৰ?

গুৱাহাটী আৰক্ষীয়ে এক প্ৰেছ ৰিলিজত উল্লেখ কৰিছে যে- প্ৰতি বছৰে মহানগৰীত বৃদ্ধি পাই গৈ আছে আত্মহত্যাৰ ঘটনা। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই শনিবাৰে সাংবাদিকৰ আগত কয় যে- গুৱাহাটী মহানগৰীত ২০১৩চনত ২২২টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল। আৰু তাৰপাছত ক্ৰমান্বয়ে ২০১৪চনত ২০০জন, ২০১৫চনত ২৪১জন, ২০১৬চনত ২২৭জন, ২০১৭চনত ২৮৯জন, ২০১৮চনত ২৮৭জন, ২০১৯চনত ২৫৪টাজন, ২০২০চনত ২৭৭জন আৰু ২০২১চনত ৪১৪জনকৈ লোকে বাচি লয় আত্মহননৰ পথ।

আত্মহত্যাৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়- আৰক্ষীয়ে আত্মহত্যাৰ দুঃচিন্তা মনলৈ অহা লোকসকলক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ ইচ্ছুক। লগতে 6026900574 আৰু 6026900552 নম্বৰত ফোন কৰিবলৈ আহ্বান জনায়।

কিন্তু আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱাৰ কাৰণবোৰ কি কি? এই প্ৰশ্ন ইষ্টমজ অসমে কৰিছিল নিউৰো ছাইকিয়াট্ৰী বিভাগৰ ছিনিয়ৰ কনছালটেন্ট ডাঃ সংগীতা দত্তৰ সৈতে। তেওঁ আমাক এই সন্দৰ্ভত জনাইছিল এইদৰে- ”অতি দুখজনক কথা যে, যোৱা কিছু মাহত আৰু যোৱা কিছু বছৰত গুৱাহাটী মহানগৰী, তাৰপাছত অসমত, ভাৰতত আৰু সমগ্ৰ বিশ্বতে আত্মহননৰ হাৰ বৃদ্ধি পাইছে। ইয়াৰ আঁৰত কিছুমান কাৰণ সোমাই আছে। তাৰে প্ৰধান কাৰণ বুলি যদি কওঁ, সেইটো হল মানসিক ৰোগৰ হাৰ বৃদ্ধি পাইছে। এচাম লোক যিসকলে আত্মহনন কৰে, তেওঁলোক মানসিক ৰোগত ভূগি থাকে। যেনে- হতাশগ্ৰস্ততা, উদিগ্নতা, ৰাগিয়াল সামগ্ৰী সেৱনত বা তেওঁলোক বিভিন্ন ছাক’চিছত ভূগি থাকে। গতিকে মানসিক ৰোগৰ বিষয়ে যদি সজাগতা বৃদ্ধি কৰো আৰু আৰু মানসিক ৰোগ যদি সময়ত আমি যদি চিকিৎসা কৰো তেন্তে যথেষ্ট পৰিমানে আমি আত্মহত্যা ৰোধ কৰিব পাৰিম। দ্বিতীয় কথাটো হৈছে মানুহৰ যি ব্যক্তিত্ব আৰু জীৱনৰ ঘাত-প্ৰতিঘাতৰ সৈতে মোকাবিলা কৰাৰ যি শক্তি বা ক্ষমতা সেয়া বাৰু আমাৰ নাইকিয়া হৈছে নেকি? বা বাহিৰৰ অৰ্থাৎ জগতৰ যিবোৰ প্ৰত্যাহ্বান সেইবোৰৰ সৈতে মোকাবিলা কৰাৰ বাবে আমাৰ যিবোৰ লাইফ স্কিলছৰ অভাৱ দেখিবলৈ পোৱা গৈছে। সেয়েহে সৰুৰে পৰা মাক-দেউতাকে সন্তানক সময় দি, তেওঁলোকৰ মনৰ জগতত কি চলি আছে সেই বিষয়ে জনাৰ চেষ্টা কৰা আৰু তেওঁলোকক লালন-পালন ভালকৈ কৰাতো এটা গুৰুত্বপূৰ্ণ বিষয়। তাৰ বাহিৰে আজিকালি সামাজিক কিছুমান পৰিৱৰ্তন আহিছে। যেনে- আত্মকেন্দ্ৰিকতা, সমাজ কেন্দ্ৰিকতাৰ অভাৱ, বস্তুবাদীৰ মনোভাৱ, ভোগবাদীৰ মনোভাৱ আদিয়েও আত্মহত্যাৰ হাৰ বৃদ্ধি কৰিছে। ভাৰ্ছুৱেল ৰিয়েলিটিত বন্ধু বেছিকৈ নাৰাখি যাতে বাস্তৱ জীৱনত অধিক বন্ধু-বান্ধৱ ৰখাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে।”

আপোনালোকে জানিলেই যে- আত্মহত্যা কৰাৰ কাৰণবোৰ কি কি? কিন্তু আত্মহনন কৰা ব্যক্তিজনৰে কেৱল থাকেনে ভুল? নে আপোনাৰ-আমাৰ আৰু এই সমাজখনৰো আছে বহু কৰণীয়? আমি সকলোৱে বাৰু ভগাই লব নোৱাৰে নে তেওঁলোকৰ মনৰ দুখ-কষ্টবোৰ? তেওঁলোকৰ সমস্যাবোৰৰ সমাধানৰ বাবে আমি নোৱাৰোনে তেওঁলোকক সহায় কৰিবলৈ? আত্মহত্যা প্ৰতিৰোধ কৰাৰ বাবেনো কি কি উপায় আছে, এই বিষয়েও জনালে ডাঃ সংগীতা দত্তই- ”সহমৰ্মিতাৰে আচলতে ইজনে সিজনক সহায় কৰিব পাৰিব লাগিব। কাৰোবাৰ যদি দুখ-বেদনা আছে সেইখিনিও ভগাই লোৱাৰ মানুহৰ প্ৰৱণতা থাকিব লাগিব। আৰু কোনোবাই যদি মোক কিবা ক’ব বিচাৰিছে তেন্তে সাহস আৰু ইচ্ছা দুয়োটাই থাকিব লাগিব। আত্মহত্যা প্ৰতিৰোধ কৰিবলৈ কেইটামান পদক্ষেপ গুৰুত্বপূৰ্ণ। প্ৰথম হ’ল মানসিক ৰোগ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধি। দ্বিতীয়তে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকে ল’ৰা-ছোৱালীৰ ব্যৱহাৰ বা পঢ়া শুনাত যদি কিবা পৰিৱৰ্তন দেখিছে তেন্তে লগে লগে যদি তেওঁলোকৰ সৈতে বহি ভালকৈ কথা-বতৰা পাতে, বা স্কুল-কলেজত আজিকালি কাউন্সিলাৰ থাকে আৰু তেওঁলোকৰ সৈতে কথা পাতি সঠিক কাৰণটো যদি বুজি পায়, তেওঁলোক যদি হতাশাগ্ৰস্ততাত ভূগি আছে, তেওঁলোকক যদি সঠিক পথ দেখুৱাব পাৰে, তেন্তে আত্মহত্যা ৰোধ কৰিব পাৰি। জীৱন এটাই, গতিকে আমি জীৱনমুখী হোৱা উচিত। সমস্যা দেখি পলায়নবাদী মানসিকতা থকা উচিত নহয়। প্ৰতিটো সমস্যা সমাধান কৰিব পাৰি। কেতিয়াবা নিজে সমাধান কৰিব নোৱাৰিলে দ্বিতীয় এজন ব্যক্তিৰ সৈতে কথা পাতিলে মানসিক চাপো কমে আৰু মনৰ ভাৰো কমে। গতিকে অকলশৰীয়া জীৱন ত্যাগ কৰি, সমাজকেন্দ্ৰিক হৈ মানুহৰ সৈতে মিলিজুলি থাকি, এটা প্ৰতিযোগিতামূলক এই পৃথিৱীৰ পৰা কিছু ফালৰি কাটি জীৱনমুখী হওঁক আহক, আধ্যাত্মিক দিশটো কটকটীয়া কৰো আহক। তেতিয়া আত্মহননৰ দৰে পথৰ কথা আমাৰ নিশ্চয় কেতিয়াও মনলৈ নাহে।”

এতিয়া আপোনালোকেও বুজিলে বা জানিলে কিয় এই পথ বাচি লয় একাংশ লোকে আৰু এই আত্মহনন প্ৰতিৰোধৰ উপায়বোৰ কি কি। জীৱনতো সঁচাকৈ অতি অনুপম। এবাৰেই লৈছো আমি মানৱ জীৱন। গতিকে যিমান পাৰে এই জীৱনক উদযাপন কৰক। শেষ কৰি নেপেলাব নিজক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply