গুৱাহাটী – জনপ্ৰিয় OTT প্লেটফৰ্ম নেটফ্লিক্সৰ শৃংখলা ‘দিল্লী ক্ৰাইম’লৈ ৪৮ সংখ্যক আন্তৰাষ্ট্ৰীয় এমী বঁটা আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ ড্ৰামা ধাৰাবাহিক শিতানত অসমৰ আদিল হুছেইন অভিনীত দিল্লী ক্ৰাইমলৈ এই পুৰষ্কাৰ আগবঢ়োৱা হৈছে। উল্লেখ্য যে এই শিতানত প্ৰতিযোগিতাত আছিল জাৰ্মানীৰ চ্যাৰিট ২ ছিজন ২, ইউনাইটেড কিংডমৰ ক্ৰিমিনেল ইউকে, আৰ্জেন্টিনাৰ দ্যা ব্ৰঞ্জ গার্ডেন চিজন ২ ৷

ভাৰতৰ আমাজন প্ৰাইমৰ “ফৌৰ মৌৰ শ্বটছ, প্লীজ” শ্ৰেষ্ঠ কৌতুক ধাৰাবাহিকৰ শিতানত আছিল যদিও শেষত পৰাজিত হয় ৷ ভাৰতৰ অৰ্জুন মাঠুৰ আমাজন প্ৰাইমৰ ‘মেড ইন হেভেন’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত হৈছিল যদিও পৰাজিত হয় ৷

উল্লেখ্য যে ৪৮সংখ্যক এমী বঁটা ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰচুৱেল ভাৱে অনুষ্ঠিত হৈছিল ৷ উক্ত অনুষ্ঠানত নাছিল কোনো ৰেড কার্পেট আৰু দৰ্শক ৷ অভিনেতা ৰিচার্ড কিণ্ডে এটা খালী প্ৰেক্ষাগৃহত উক্ত অনুষ্ঠান পৰিচালনা কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply