কৰিমগঞ্জ:- বিজেপিয়ে মিছন ১০০+ কেনেদৰে সম্ভব কৰি তুলিব তাৰ চূড়ান্ত প্ৰস্তুতি কৰিমগঞ্জত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা ৰাজ্যিক কার্যনির্বাহক সভাৰ জৰিয়তে আৰম্ভ কৰিছে যাত্ৰা | পুৱা পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে | প্ৰথম খন সভাতেই উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে দলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল |এইবাৰ বৰাক উপত্যকাৰ পৰাই নির্বাচনৰ অভিযান আৰম্ভ কৰিব খোজা বিজেপিয়ে এই বৈঠকতে প্রস্তুত কৰিব ১০০ প্লাছ আসন দখলৰ ৰূপৰেখা৷ আজিৰে পৰা দুদিনীয়া কার্যনির্বাহক সভা ইতিমধ্যে আৰম্ভ হৈছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে কেইবাজনো শীর্ষ পর্যায়ৰ নেতাৰ লগতে প্ৰায় সকলো বিধায়ক, সাসদ উপস্থিত থাকিব এই সভাত | আনহাতে কাইলৈ কার্যনির্বাহক সভাত মুখ্য অতিথি ৰূপে যোগদান কৰিব দলৰ নৱনিযুক্ত প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই৷

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বৰাক উপত্যকাৰ ১৫টা সমষ্টিত দলীয় সভা অনুষ্ঠিত কৰি নেতা–কর্মীসকলক উদ্বুদ্ধ কৰাৰ লগতে এইবাৰ বৰাকৰ ১২টা সমষ্টি বিজেপিয়ে দখল কৰাৰ বাবে সাজু হৈছে |
কৰিমগঞ্জ জিলা ক্রীড়া সন্থাৰ খেলপথাৰত বিশাল মণ্ডপত হোৱা এই সভাই দলীয় কৰ্মীক আগন্তুক নিৰ্বাচনৰ বাবে কেনে সাজু কৰি তোলে | আত্মবিশ্বাসী বিজেপিৰ প্রায় ৬০০ লোক উপস্থিত আছে এই কার্যনির্বাহক সভাত |