উচ্চতম ন্যায়ালয়ে দিলে নিৰ্মাণৰ ক্লিনশ্বিট নতুন সংসদ ভৱন নিৰ্মাণত

নিউজ ডেক্স:-অবশেষত নতুন সংসদ ভৱনৰ নিৰ্মাণৰ ক্ষেত্ৰত বাধা আতৰিল | উচ্চতম ন্যায়ালয়ৰ পৰা বাধা আতৰিল | মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ২০হাজাৰ কোটি টকীয়া চেন্ট্ৰেল ভিষ্ট্ৰা প্ৰজেক্টক লৈ সেউজ সংকেত প্ৰদান কৰিছে। মঙলবাৰে ন্যায়ালয়ে ৰায় প্ৰদান কৰি কয় যে, এই প্ৰজেক্টত পৰিৱেশ সম্পৰ্কীয় কোনো বিষয় বা অন্য অনুমতিৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই। এনে পৰিস্থিতিত গতিকে চৰকাৰে এই প্ৰজেক্টৰ কাম আগবঢ়াব পাৰে।

তিনিকোণীয়া নতুন সংসদ ভৱনৰ যোৱা বছৰৰ ১০ ডিচেম্বৰত ভূমি পূজন কৰিছিল প্ৰধানমন্ত্ৰীয়ে | ৯০০ ৰ পৰা ১২০০ জন সাংসদ বহিব পৰাকৈ নিৰ্মাণ কৰিব লগা নতুন সংসদ ভৱনটো ২০২২ চনত স্বাধীনতাৰ ৭৫ তম বৰ্ষত মুকলি কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ | ২০২৬ চনৰ লোকসভা নিৰ্বাচনত জনসংখ্যাৰ অনুপাতে সাংসদৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই নতুন সংসদ ভৱনৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে |

এই ভৱনটো নিৰ্মাণৰ সময়ত বহু পুৰণি গছ সহ প্ৰকৃতি বিনষ্ট হোৱাৰ শংকা কৰিয়েই ন্যায়ালয়ৰ কাষ চাপিছিল | কিন্তু ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰে এই ভৱনটো নিৰ্মাণত এই সকলো বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখিব বুলি জনাই | তিনিজনীয়া বিচাৰপীঠে আজি অনুমোদন জনাই নিমাৰ্ণত |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply