বৰপেটা – বৰপেটা মেডিকেল কলেজ হাস্পতালৰ নৱ নিযুক্ত অধ্যক্ষ ৰমেন তালুকদাৰৰ নেতৃত্বত নতুন বছৰৰ সংকল্প। বৰপেটা মেডিকেল কলেজ হস্পিতালখন উন্নতভাৱে গঢ়ি তোলাৰ পণ চিকিৎসক, কৰ্মচাৰী ছাত্ৰ ছাত্ৰীৰ৷

দূৰ্যোগপূৰ্ণ ২০২০ ক বিদায় জনাই নৱ বৰ্ষক আদৰনি জনালে ৰাজ্যবাসীয়ে৷ পুৰণিক বিদায় জনাই নতুনক আদৰাৰ এই শুভক্ষণত বহুতেই লৈছে নতুন সংকল্প৷ নতুন বছৰটোৰ প্ৰথমটো দিনত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলেও নৱ বর্ষত ললে এক সংকল্প।

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ হিচাপে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে ডাঃ ৰমেন তালুকদাৰে৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিয়েই হাস্পতালখনক নতুন ৰূপত গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে৷ নৱ নিযুক্ত অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ নেতৃত্বত বৰপেটা মেডিকেল কলেজ হাস্পতালক উন্নত আৰু সুন্দৰকৈ গঢ়ি তোলাৰ বাবে চিকিৎসক, নাৰ্চ, কৰ্মচাৰী আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিলে সংকল্প৷

নতুন বছৰৰ অংগীকাৰ হিচাপে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে হাস্পতালখনক নৰূপত গঢ়ি তোলাৰ বাবে পাঠ কৰিলে শপত বাক্য। হাস্পতাললৈ অহা দুখীয়া ৰোগীসকলক সহায়ৰ মনোভাৱেৰে কাম কৰাৰ বাবে চিকিৎসক, কৰ্মচাৰীৰ লগতে লেব’ৰেট’ৰী টেকনিচিয়ান সকলক আহ্বান জনালে অধ্যক্ষ গৰাকীয়ে।

হাস্পতালৰ নৱ নিযুক্ত অধ্যক্ষ গৰাকীয়ে লগতে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ বিৰুদ্ধে যাতে কোনো অভিযোগ উত্থাপিত হ’ব নোৱাৰে বা কোনো ৰোগী আৰু ৰোগীৰ অভিভাৱক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে কৰ্মচাৰী আৰু লেব’ৰেট’ৰী টেকনিচিয়ানসকলক গুৰুত্ব দিবলৈ আহ্বান জনায়। আনহাতে বৰপেটা মেডিকেল কলেজত অধ্যয়নৰত শিক্ষাৰ্থীসকলে পূৰ্বতকৈ ভাল ফলাফল প্ৰদৰ্শন কৰাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে তাৰপ্ৰতিও বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে।

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত একাংশ লোক আৰু প্ৰতিষ্ঠানৰ সহযোগত ক্ৰীড়াৰ পৰিবেশ গঢ় দিয়া আৰু কৰ্মচাৰীসকলৰ সহযোগত হস্পিতালখনৰ চৌহদটো ফুলেৰে সজাই তোলাৰো প্ৰয়াস চলাইছে নৱ নিযুক্ত অধ্যক্ষ গৰাকীয়ে৷ তাৰোপৰি কোনো লোক, সংস্থা বা প্ৰতিষ্ঠানে ৰোগীসকলৰ সহায়ৰ বাবে হাস্পতালখনলৈ হুইল চেয়াৰকে আদি কৰি কোনো সামগ্ৰী আগবঢ়াব বিচাৰিলে সেয়া সাদৰে গ্ৰহণ কৰা হব আৰু সেই বিষয়ে হাস্পতাল কতৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে অধ্যক্ষ গৰাকীয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply