মহানগৰীৰ প্রান্তে প্রান্তে জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি আৰু টায়াৰ

গুৱাহাটী – দেশজুৰি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কৃষি আইনৰ বিৰোধিতা কৰি প্ৰতিবাদ। মঙলবাৰে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ ভাৰত বন্ধৰ আহ্বান। মহানগৰী গুৱাহাটীত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। দোকান-পোহৰৰ লগতে ৰাজপথত বাহনৰ চলাচল বন্ধ। প্রান্তে প্রান্তে মহানগৰীত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি আৰু টায়াৰ।

ৰাজধানী দিল্লীত কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলৰ প্ৰতিবাদ চলি থকাৰ মাজতে মঙলবাৰে কৃষক সকলৰ লগতে কেইবাটাও দল-সংগঠনে আহ্বান জনায় ভাৰত বন্ধৰ। দেশজুৰি ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হোৱাৰ লগতে অসমতো ৰাইজে ভাৰত বন্ধৰ সমৰ্থন জনোৱা দেখিবলৈ পোৱা যায়। মহানগৰী গুৱাহাটীত কৃষি আইনৰ বিৰোধিতা কৰি মঙলবাৰে পুৱাৰ ভাগৰে পৰা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষক সংগঠন কৃষক মুক্ত সংগ্রাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃষি আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে। চান্দমাৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি মূর্দাবাদ, কৃষি বিৰোধী আইন বাতিল কৰক শ্ল’গানেৰে চান্দমাৰিৰ ৰাজপথ উত্তাল কৰি তোলে।

ইফালে কাহিলিপাৰাৰ দক্ষিণগাঁৱত কৃষি আইনৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকর্তা সকলে পুৱা ১১ বজাত ওলাই আহি ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থাকোতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে। আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা চাৰি জনকৈ প্ৰতিবাদকাৰীক আটক কৰা বুলিও জানিব পৰা গৈছে।

কৃষি আইনৰ বিৰুদ্ধে গুৱাহাটী ক্লাৱত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰী সকলে আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ লগতে মঙলবাৰৰ ভাৰত বন্ধত সমৰ্থন জনোৱা অন্যান্য দল-সংগঠনেও গুৱাহাটীৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply