মানকাচৰ: বিধানসভা নিৰ্বাচনত লৈ মাথো কেইটামান মাহ বাকী। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মানকাচৰতো বিশাল বাইক ৰেলিৰে অগপই নিৰ্বাচনী ৰণডংকা বজালে।কালি হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা মানকাচৰলৈ বিশাল বাইক ৰেলিৰে মানকাচৰৰ শিশু উদ্যানত উপস্থিত হয় আৰু যুৱ সমাৰোহত অংশ গ্ৰহণ কৰে।
“কংগ্ৰেছ বৰ্তমান ৫০ পইছাৰ দৰে হৈছে ৫০ পইছা যেনেকৈ দোকানত নচলে ঠিক তেনেকৈ কংগ্ৰেছ এতিয়া নচলে”
নতুন কৈ গঠন হোৱা দল অসম জাতীয় পৰিষদক duplicate দল বুলি কটাক্ষ অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বুঢ়াগোহাঁইৰ।

অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বুঢ়াগোহাঁই,ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱা আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামকে ধৰি প্ৰায় পাঁচ হেজাৰ যুৱ পৰিষদ, ছাত্ৰ পৰিষদৰ সদস্য উপস্থিত থাকে যুৱ সমাৰোহত।
উল্লেখযোগ্য যে বৰপেটাৰ এখন সভাত অগপক সমোলাচনা কৰি কৈছিল অগপ এখন ভেজাল জাতীয়তাবাদী দল আৰু তাৰে প্ৰতি উত্তৰ মানকাচৰৰ যুৱ সমাৰোহৰ পৰা দিলে ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱাই।লগতে কংগ্ৰেছ,এই আই ইউ ডি এফ আৰু নতুন কৈ গঠন হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদক শূণ্য বুলি কৈ বিভিন্ন ধৰণৰ সমোলাচনা কৰা দেখা গ’ল।