গুৰুতৰ ভাবে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত Credit: টুইটাৰ

গুৱাহাটী- প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত গুৰুতৰ ভাবে অসুস্থ। মুখ্যমন্ত্ৰী গৰাকীক এয়াৰ এম্বুলেন্সেৰে দিল্লীৰ এইমচলৈ লৈ যোৱা হৈছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক কাৰ্ডিয়’লজি বিভাগৰ ১০৪ নং কোঠাত চিকিৎসাধীন হৈ আছে ।

জানিব পৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চিকিৎসাৰ তদাৰক কৰিছে প্ৰখ্যাত স্নায়ু ৰোগ বিশেষজ্ঞ এম ভি পদ্মাই । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ষ্ট্ৰোক হোৱাৰ লগতে বিভিন্ন অংগ প্ৰত্যংগ স্বাভাবিক ভাবে কাৰ্যক্ষম হৈ উঠা নাই ।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তক কিছু দিনৰ বাবে দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হ’ব । ইফালে দিল্লীৰ এইমছত মহন্তৰ সৈতে আছে তেওঁৰ পত্নী,পু্ত্ৰ আৰু জিয়াৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply