যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

গুৱাহাটী- গুৱাহাটীত স্থাপন কৰা হৈছে উত্তৰ-পূবৰ প্ৰথমটো মাতৃদুগ্ধ বেংক। প্ৰায় ১০লাখ টকাৰ ব্য়য়েৰে ছাত্ৰীবাৰী খ্ৰীষ্টান হাস্পতালত স্থাপন কৰা হৈছে এই বেংকটো। এটি শিশুক জন্ম এঘন্টাৰ ভিতৰত মাতৃদুগ্ধ দিয়াটো খুবেই প্ৰয়োজন। কিছুমান শিশু সময়তকৈ আগতে জন্ম পোৱাৰ বাবে দুৰ্বল আৰু কম ওজনৰ হয়। সেইসকল শিশুৰ বাবে খুবেই লাভজনক হব বুলি হাস্পতালখনৰ শিশু বিশেষজ্ঞ ডাঃ দেৱজি্ত কুমাৰ শৰ্মাই সদৰী কৰে।

এই বেংকৰ জৰিয়তে শিশুৰ বাবে উত্তম আৰু পুষ্টিদায়ক মাতৃ দুগ্ধ যোগান ধৰা হব বুলি হাস্পতালৰ তৰফৰ পৰা সদৰী কৰে। পৰৱৰ্তী সময়ত মাইক্ৰ’বায়’লজিষ্টৰ জৰিয়তে সেই সংগৃহীত গাখীৰ বীজাণুমুক্ত কৰি মাতৃদুগ্ধ বেংকত ৰখা হব। প্ৰয়োজন অনুসৰি শিশুক যোগান ধৰা হ’ব। উল্লেখ্য় যে ৰটাৰী ক্লাবৰ সহযোগত হাস্পতালখনত স্থাপন কৰা হৈছে এই মাতৃদুগ্ধ বেংকটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply