সংবাদ মেল বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইচা বড়োৰ Credit: বিটিআৰ প্ৰশাসনৰ সাংস্কৃতিক বিনিময় সমাৰোহ

কোকৰাঝাৰ: বি টি আৰ প্ৰশাসনে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আয়োজন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ মঙলবাৰে কোকৰাঝাৰৰ চান্দামাৰিৰ বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদত আয়োজিত এখন সংবাদ মেলত বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইচা বড়োৱে এই ঘোষণা কৰে ৷

অহা ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখন আয়োজন কৰা হব বুলি সংবাদমেলত ঘোষণা কৰে ৷ সাংস্কৃতিক সমাৰোহত বিটিআৰ অঞ্চলৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতিসমূহ উপস্থাপন কৰাৰ লগতে সাংস্কৃতিক বিনিময়ৰ ব্যৱস্থা কৰা হ’ব ৷

ইয়াৰ লগতে থলুৱা জনগোষ্ঠীয় চলচ্চিত্ৰ জগতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কেও আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ৷ সাংস্কৃতিক সমাৰোহৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা আদিৰো আয়োজন কৰা হৈছে ৷

সাংস্কৃতিক সমাৰোহ কাৰ্যসূচীত বিশিষ্ট ভাস্কৰ্য শিল্পী জনক ঝংকাৰ নাৰ্জাৰী, বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়ো, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, ছবি প্ৰযোজক, পৰিচালক পৱিত্ৰ ৰাভা, অৰূপ মান্না অভিনেত্ৰী গায়ত্ৰী মহন্তসহ কেবাগৰাকীও যশস্বী শিল্পীয়ে অংশ গ্ৰহণ কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply