গুৱাহাটী : মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছ অসমৰ উত্তাল প্ৰতিবাদ। তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী। তৃণমূল কংগ্ৰেছ অসমৰ শতাধিক কৰ্মকর্তাই উত্তাল কৰি তোলে প্রতিবাদস্থলী।

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। প্ৰতিদিনে বৃদ্ধি পাইছে বিভিন্ন খাদ্য সামগ্ৰীৰ মূল্য। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণ বিফল হোৱাৰ অভিযোগত বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দল সমূহে অব্যাহত ৰাখিছে প্ৰতিবাদ।

সোমবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছ অসমে। মহানগৰীৰ চচলস্থিত ধৰ্ণা স্থলীত তৃণমূল কংগ্ৰেছ অসমে মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ তৃণমূল কংগ্ৰেছ অসমৰ কৰ্মকর্তা সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক –   তেজপুৰত আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু ভৰ্তি দুখন বাহন: আটক চাৰিজন

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কাৰকৰ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ হায় হায় আদি শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। ইফালে তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰাই কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ পুঁজিপতিৰ চৰকাৰ বুলি কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply