যোৰহাট – যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান। ২০১১ চনৰ পৰা ২০১৭ চনলৈকে মৰিয়নি বিধানসভা সমষ্টিত বিধায়ক উন্নয়ন পুঁজিত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে আহিছে এই দলটো।

অভিযোগ অনুসৰি ২০১১ চনৰ পৰা ২০১৭ চনৰ সময়ছোৱাত মৰিয়নি সমষ্টিত ৰূপায়ণ হৈছিল প্ৰায় ৭০০ আঁচনি। ইয়াৰে একাংশ আঁচনিৰ ৰূপায়ণত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উৎথাপন হৈছিল।

বিধায়ক উন্নয়ন পুঁজিত সংঘটিত হোৱা কেলেংকাৰীৰ অভিযোগৰ তদন্তৰ বাবেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা বৃহৎ দল মঙলাবাৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা শাখাত অভিযান চলায়। দলটোৱে বৃহৎ পৰিমাণৰ নথিপত্ৰ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply