গুৱাহাটী : ৰাজ্যখনৰ ক’ভিড চিকিৎসাৰ দিশত এক বৃহৎ অৱদান হিচাপে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব চক্রই এছ বি আই ফাউণ্ডেশ্যনৰ সহযােগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ১২০ খন আই চি ইউ বিচনা আগবঢ়ায়। এই বিচনা হাস্পতালখনৰ সম্প্ৰসাৰিত ক’ভিড আই চি ইউত ব্যৱহাৰ কৰা হ’ব। জনতা ভৱনস্থিত মুখ্যমন্ত্রী কার্যালয় কক্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু ভাৰতীয় ষ্টেট বেংকৰ মহাপ্ৰৱন্ধক সুৰঞ্জনা দত্তৰ উপস্থিতিত ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূব চক্ৰৰ মুখ্য মহাপ্ৰৱন্ধক আৰ এছ ৰমেশে আই চি ইউ বিচনাৰ এই অনুমােদন পত্র মুখ্যমন্ত্ৰীক অর্পণ কৰে।

মুখ্যমন্ত্ৰীয়ে আই চি ইউ বিচনা প্রদান কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংক কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। বেংকটোৰ এই পদক্ষেপে ৰাজ্যখনৰ জটিল ক’ভিড ৰােগীসকলৰ বাবে উন্নত চিকিৎসা সেৱা অধিক শক্তিশালী কৰি তুলিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে ক’ভিড চিকিৎসাৰ দিশত আন এক উল্লেখযােগ্য পদক্ষেপ হিচাপে ডালমিয়া চিমেন্ট ভাৰত লিমিটেডে হােজাই চৰকাৰী চিকিৎসালয়ত এটা অক্সিজেন উৎপাদন গােট স্থাপন কৰাৰ বাবে প্রতিশ্রুতি প্রদান কৰে।

মুখ্যমন্ত্ৰীক সাক্ষাৎকৰাৰ সময়ত ডালমিয়া চিমেন্ট ভাৰত লিমিটেডৰ উত্তৰ পূৰ্বৰ কৰ্প’ৰেট এফেয়ার্চ বিভাগৰ উপ-মহাপ্ৰৱন্ধক সাগৰিকা দত্তই এই কথা মুখ্যমন্ত্ৰীক অৱগত কৰে। প্রতিষ্ঠানটোৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াক সামাজিক দায়বদ্ধতাৰ প্ৰকৃত উদাহৰণ বুলি অভিহিত কৰে।

লগতে পঢ়ক : অভয়াপুৰীত জাল নোট জব্দ

আনহাতে ক’ভিড টিকাকৰণ অভিযানক এক জনআন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জনােৱা আহ্বানলৈ সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আৰু অসম আৰােগ্য নিধিলৈ সমাজৰ বিভিন্ন স্তৰৰ লােক তথা অনুষ্ঠান-প্রতিষ্ঠানৰ পৰা নিয়মীয়াকৈ বৰঙনি লাভ কৰা হৈছে। ক’ভিড অতিমাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যুঁজখনত ই বৃহৎ সকাহ প্রদান কৰিব বুলি আশা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply