গুৱাহাটী – অসম বিধান সভা নির্বাচন-২০২১ নির্বাচনী আচৰণ বিধি বলবৎ হােৱাৰ পৰা যােৱা ৯ দিনত ৰাজ্যত ২.৭২ কোটি নগদ ধন আৰু ২ লাখ ৪০ হাজাৰ লিটাৰ সুৰা জব্দ। আৰক্ষী, ফ্লায়িং স্কোয়াড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগৰ অভিযানত জব্দ হৈছে নগদ ধন আৰু সুৰা।

অসম বিধানসভা নির্বাচনৰ নির্বাচনী আচৰণ বিধি বলবৎ হােৱাৰ পৰা অসম আৰক্ষী, ফ্লায়িং স্কোয়াড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগে ব্যাপক অভিযান আৰম্ভ কৰিছে। বিশেষকৈ নিৰ্বাচনত কলাধনৰ ব্যৱহাৰ ৰােধ, সুৰাৰ অবৈধ ব্যৱহাৰ আৰু অন্যান্য মূল্যবান সা-সম্পদৰ সন্দেহজনক সৰবাৰহৰ ক্ষেত্ৰত ভাৰতীয় নির্বাচন আয়ােগে প্ৰদান কৰা নীতি নির্দেশনাৰ ভিত্তিত চোকা নজৰখা হৈছে।

ইয়াৰ ফলস্বৰূপে নির্বাচনী অধিসূচনা জাৰি হােৱাৰ পৰা যোৱা ৬ মাৰ্চৰ পুৱা ৯ বজালৈকে বিগত ৯ টা দিনত ৰাজ্যখনত ২.৭২ কোটিৰাে অধিক নগদ ধন জব্দ হােৱাৰ লগতে ১.৫৮ কোটি টকা মূল্যৰ সুৰা জব্দ কৰা হৈছে। দেওবাৰে নিশা ৰাজ্যখনৰ বিভিন্ন প্রান্তত ১.১১ কোটি টকা নগদ ধন জব্দ কৰাৰ উপৰি আৰকাৰী বিভাগ, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দলে ১০ লাখৰাে অধিক টকা মূল্যৰ সুৰা জব্দ কৰিছে।

আনহাতে ৰাজ্যৰ বিভিন্ন প্রান্তত বিগত নিশাটোত ১২ গ্রাম হেৰইন, ১০,২২ কেজি ভাং, ৩২,২০০ টা নিচাযুক্ত টেবলেট আৰু ১৪০ বটল কফ চিপ জব্দ কৰা হৈছে। এই জব্দকৃত নিচাযুক্ত দ্রব্যখিনিৰ আনুমানিক বজাৰ মূল্য প্রায় ৪ লাখ টকা।

উল্লেখযােগ্য যে, বৰপেটা, বিজনী, ধেমাজি, ধুবুৰী, হাইলাকান্দি, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও, নাজিৰা, শিৱসাগৰ আৰু তিতাবৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা পােৱা মুঠ ২৩ টা নির্বাচনী আচৰণ বিধি ভংগৰ অভিযােগৰ ক্ষেত্ৰতাে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ পৰা সর্বাধিক ৫ টা নির্বাচনী আচৰণ বিধি ভংগৰ অভিযােগ পােৱা গৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply