নিউজ ডেস্ক : ভুৱা মেডিকেল ক্লেইম কৰা ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কনিষ্ঠ অভিযন্তাসহ ৭ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

উল্লেখযোগ্য যে সংমণ্ডলটোৰ কৰ্মচাৰীয়ে প্ৰায় ৪ লাখ টকাৰ পৰা ১১ লাখ টকাৰ চিকিৎসাৰ নামত ভুৱা মেডিকেল ক্লেইম জমা কৰি ধৰা পৰিছিল। এই ঘটনাৰ সৈতে সাঙোৰ খাইছিল ৰঙিয়া সংমণ্ডলৰ তিনিটা কাৰ্যালয়ৰ ৮ গৰাকীকৈ কৰ্মচাৰী।

ইয়াৰ পিছতেই  ২নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা জ্যোতিষ ডেকা, হেড এছিষ্টেণ্ট যতীন বৈশ্য, লাইন মেন ক্ৰমে মহাদেৱ ৰাজবংশী, নুৰুদ্দিন আলী, জাফাৰ আলী, ৰবিন মেধী, সহকাৰী মহা প্ৰৱন্ধকৰ কাৰ্যালয়ৰ হেড এছিষ্টেণ্ট উমেশ দাস, ১নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহায়ক বিশ্বজিৎ বৰ্মনক চাকৰিৰ পৰা নিলম্বন কৰা হয়।

এই কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে আৰক্ষী থানাত জামিনবিহীন গোচৰ ৰুজু কৰা হয়। ৰঙিয়া সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধক দিগন্ত ডেকাই  দাখিল কৰিছে এজাহাৰ।

আনহাতে, বিভাগীয়ভাৱে তদন্ত আৰম্ভ কৰি তৎকালীনভাৱে নিলম্বন কৰা হৈছে কৰ্মচাৰী কেইজনক।

ইয়াৰ লগতে বিভাগীয়ভাৱে পৃথকে পৃথকে গোচৰ তৰিছে নিলম্বিত কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে । আৰক্ষী থানাত ভাৰতীয় দন্ডবিধি আইনৰ ৪২০, ৪০৯, ৪৬৮ আৰু ৪৭১ ধাৰাত চাৰিটাকৈ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক :

লগতে পঢ়ক : নগাঁও আৰু কাচাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা সম্ভৱ নহয় : মুখ্য মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply