বোকাখাত, উত্তম কুমাৰ শৰ্মা : স্বাধীনতাৰ ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো চৰকাৰী উন্নয়নমূলক আঁচনিয়ে আজিকোপতি ঢুকি নাপালে নুমলীগড়ৰ এটি দুৰ্ভগীয়া পৰিয়ালক।

সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দৈগ্ৰোং গাওঁ পঞ্চায়তৰ অধীনৰ কেন্দুগুৰি গাঁৱৰ গেহিনী মুড়া নামৰ এগৰাকীয়ে দুৰ্ভগীয়া মহিলাই তিনিটা এমা-ডিমা সন্তানৰ সৈতে বছৰৰ পাছত বছৰ এখন সৰু টিঙৰ চালিৰ তলত দিন পাৰ কৰি আহিছিল। ঘৰ বুলিবলৈ কেৱল এটা জুপুৰি, কেইচলামান ফুটা টিনপাত আৰু চাদৰ, বস্তা আদিৰে আবৰি ৰখা পৰিয়ালটোক প্ৰতি মুহূৰ্ততে জোকাৰি যায় বতাহ বৰষুণে।

হাড় কপোঁৱা শীতৰ মাজত তিনিটি কন কন সন্তানক বুকুত বান্ধি এখন চালিৰ তলত বাস কৰা এই দুৰ্ভগীয়া মহিলা গৰাকীৰ খবৰ ল’বলৈ আজিলৈকে আহৰি নোলাল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি তথা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ।

অভাৱ-অনাটনত জুৰুলা হোৱা তথা দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ শৰ্যাশায়ী হৈ থকা পৰিয়ালটিৰ মূল উপাৰ্জনকাৰী তথা মহিলা গৰাকীৰ স্বামী কেন্দ্ৰো মূড়াৰ দুই পষেক পূৰ্বে মৃত্যু ঘটে।

স্বামীহীনা মহিলা গৰাকীয়ে প্ৰচণ্ড শীতৰ মাজত এখন টিনৰ চালিৰ তলত তিনিটি কণমানি সন্তান বুকুত বান্ধি জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱা অৱস্থা অৱশেষত দৃষ্টিগোচৰ হয় ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ মৰঙী আঞ্চলিক সমিতিৰ সদস্যসকলৰ। ছাত্ৰ মুক্তিৰ সদস্যসকলে স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালটোৰ বাবে তাৎক্ষণিকভাৱে নিৰ্মাণ এটা বাসগৃহ নিৰ্মাণ কৰি তোলে।

ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পিন্টু গগৈয়ে ক্ষোভ উজাৰি কয়, “নিৰ্বাচন আহে আৰু নিৰ্বাচন যায়, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰতিজন প্ৰতিনিধিয়ে ৰাইজৰ পাকঘৰলৈকে যায় ভোট বিচাৰি, নিৰ্বাচনত জয়লাভ কৰিলে পাকঘৰ গছকা সেইজন প্ৰতিনিধিয়ে কিন্তু সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৰ মৰ্মবেদনা কাহানিও উপলব্ধি নকৰে।”

স্বাভাৱিকতেই প্ৰশ্ন হয় – একবিংশ শতিকাতো কৰুণ বাস্তৱৰ সাক্ষী হৈ ৰোৱা এনে পৰিয়ালবোৰ কাৰ অৱহেলাৰ বাবে চৰকাৰী উন্নয়নমূলক আঁচনিৰ পৰা আজিও বঞ্চিত হৈ আছে? সততে উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ দৃষ্টিগোচৰ হ’বনে ৰাজ্যৰ চোকে কোণে থকা এনে বহু নিঠৰুৱা পৰিয়ালৰ দুৰ্বিসহ জীৱনৰ ছবি?

লগতে পঢ়ক – হিজাব পৰিধানৰ সমৰ্থনত গুৱাহাটীৰ এখন বিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply