নিউজ ডেস্ক : তেলেংগানাৰ ৱাৰেংগলত দেওবাৰে অনুষ্ঠিত ৬০ সংখ্যক নেশ্যনেল অ’পেন এথলেটিকছ চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে যুৱ দৌৰবিদ অম্লান বৰগোহাঁইয়ে। অম্লানে মাত্ৰ ২০.৭৫ ছেকেণ্ডত ২০০ মিটাৰ দূৰত্ব সম্পূৰ্ণ কৰি নিজৰ ব্যক্তিগত শ্ৰেষ্ঠ অভিলেখ ৰচনা কৰে।
ইয়াৰ পূৰ্বে উক্ত প্ৰতিযোগিতাৰ ১০০ মিটাৰৰ এক ইভেণ্টত তেওঁ ১০.৩৪ ছেকেণ্ডত নিজৰ আন এক ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ৰূপৰ পদক অৰ্জন কৰিছিল।
২৩ বছৰীয়া তৰুণ এথলিট গৰাকীয়ে বৰ্তমান অহা বছৰ অনুষ্ঠিত হ’ব লগীয়া কমনৱেল্থ আৰু এছিয়ান গে’মছৰ বাবে নিজক সাজু কৰি তোলাৰ লক্ষ্য লৈছে। অম্লানে ২০২০ চনৰ এপ্ৰিলৰ পৰা এতিয়া ভুবনেশ্বৰৰ ৰিলায়েন্স ফাউণ্ডেশ্যন ওড়িশ্যা এথলেটিকছ হাই-পাৰ্ফৰ্মেন্স চেণ্টাৰ (HPC) -ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

নিজৰ বিজয়ক লৈ উৎফুল্লিত অম্লানে কয়, ‘নিজৰ প্ৰদৰ্শনক লৈ মই যদিও মই কেইটামান ভূল কৰিছিলো, গতিকে মই জানো যে মই ইয়াতকৈ অধিক দ্ৰুত গতিত দৈৰিব পাৰিম। যোৱা কেইটামান মাহত মই মোৰ ফিনিছিং স্পীড যথেষ্ট বৃদ্ধি কৰিছো।’
১৮ মাহ পূৰ্বে HPC –ত প্ৰশিক্ষণ আৰম্ভ কৰাৰ পৰা অম্লানৰ প্ৰদৰ্শন যথেষ্ট উন্নত হৈছে। ২০২০ চনত উক্ত কেন্দ্ৰত যোগদান কৰাৰ সময়ত অম্লানৰ ২০০ মিটাৰত পাৰ্ছনেল বেষ্ট আছিল ২১.৮৯ ছেকেণ্ড।
HPC -ৰ মুখ্য প্ৰশিক্ষক জে’ম্ছ হিলাৰৰ মতে ২০০ মিটাৰ ইভেণ্টত অম্লান বৰ্তমান সময়ত দেশৰ এগৰাকী শ্ৰেষ্ঠ দৌৰবিদ। ইয়াৰ উপৰি ১০০ মিটাৰ ইভেণ্টতো অম্লানে যথেষ্ট অগ্ৰগতি দেখাবলৈ সক্ষম হোৱা বুলি বৃটিছ প্ৰশিক্ষক গৰাকীয়ে কয়।
‘১০০ মিটাৰত তেওঁ নিজৰ স্পীড বঢ়াই নিলে ২০০ মিটাৰতো ই তেওঁক সহায় কৰিব। মই ভাবো ভালদৰে খেলিলে তেওঁ ১০০ মিটাৰতো ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিব পাৰিব,’ হিলাৰে লগতে কয়।
লগতে পঢ়ক : দিল্লীৰ যন্তৰ মন্তৰত জাতীয় শ্ৰমিক শক্তিৰ ধৰ্ণা কাৰ্যসূচী