বিহালী-বিধান সভাৰ নিৰ্বাচনৰ দিন তেনেই চমু চাপিল। ভোটাৰ ৰাইজক আকৰ্ষন কৰিবলৈ উঠি পৰি লাগিছে দল সংগঠন। সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক নেতা সকলে চলাইছে নিজ নিজ দলৰ প্ৰচাৰ অভিযান।
এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ জিনজিয়াত নিৰ্দলীয় প্ৰাৰ্থীত্ব আগবঢ়োৱা যুৱনেতা তথা সমাজ কৰ্মী জয়ন্ত বৰাই প্ৰথমটো নিৰ্বাচনী কাৰ্যালয়ৰ মুকলি কৰে। এই অনুষ্ঠানত তেখেতৰ লগত উপস্থিত থাকে বিহালী সমষ্টি একাংশ সমৰ্থক।
সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত জয়ন্ত বৰাই কয় যে আগন্তক ২০২১ত তেওঁ বিপুল ভোটৰ ব্যৱধানত বিহালী সমষ্টিৰ পৰা জয় লাভ কৰিব। বি.জে.পি যি ১০০+ সেয়া ১০০- হব বিহালী সমষ্টিত।
ইফালে পিছ পৰি থকা নাই ৭৭নং বিহালী বিধান সভা সমষ্টিৰ মিত্রজোঁট দলৰ মনোনীত প্ৰাৰ্থী বিবেক দাস। বিহালীৰ কেইবাশতাধিক মিত্রজোঁটৰ সমৰ্থক তথা কৰ্মীয়ে প্ৰাৰ্থী গৰাকীক লগত লৈ বৰগাঙ ছাংগোলাৰ নিউ কেটলা ফিল্ডৰ পৰা নাছবৰলৈকে এক বিশাল বাইক ৰেলী উলিয়ায়। সমৰ্থকসকলে ”বিবেক দাস জিন্দাবাদ, পদুম ফুল মহা ভুল” আদি শ্ল’গানে ৰাজপথ উত্তাল কৰি তোলে।

ইপিনে শনিবাৰে সন্ধিয়া বিহালীৰ হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে ৭৭নং বিহালী বিধান সভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তক লগত লৈ বৰগাঙৰ পৰা এক পদযাত্ৰা উলিয়াই। এই পদযাত্ৰাত সমৰ্থক সকলে বিজেপি জিন্দাবাদ, ৰঞ্জিত দত্ত জিন্দাবাদ, আকৌ এবাৰ মোডী চৰকাৰ, বিজেপি জিন্দাবাদ,সৰ্বানন্দ সোণোৱাল জিন্দাবাদ আদি বিভিন্ন
শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলা পৰিলক্ষিত হয় ।