বৰসিং বে'ক আৰক্ষী কনিষ্টবল পদৰ নিযুক্তি পত্ৰ দিলে মুখ্যমন্ত্ৰীয়ে

কেবিনেটৰ সিদ্ধান্ত মৰ্মে বৰছিং বে’ক কনিষ্টবল হিচাপে নিযুক্তি প্ৰদান কৰা হয়। বে’ক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ‘জনতা ভৱন’ত প্ৰদান কৰিলে নিযুক্তি-পত্ৰ। গৃহৰক্ষী বৰছিং বে’-এ ড্ৰাগছবিৰোধী অভিযানত সততাৰ পৰিচয় দিয়াৰ বাবে অসম আৰক্ষীৰ ফালৰপৰাও দিয়া হৈছিল পুৰস্কাৰ। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৪৫ দিনত ১৩৫ কোটিৰ ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে। লগতে তেওঁ কয় যে, কোনেও অসমত ড্ৰাগছ বিচাৰি নোপোৱা পৰিৱেশলৈ ঘূৰি আহিব লাগিব।

বৰসিং বে’ক আৰক্ষী কনিষ্টবল পদৰ নিযুক্তিপত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰক্ষীৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বৰসিং বে’ক অসম আৰক্ষীৰ সাহসিকতাৰ প্ৰতীক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে ভালৰ কাম কৰা হোমগাৰ্ড,কনিষ্টবল, এছ আইক পদোন্নতি কৰা হ’ব বুলি ঘোষণা কৰে। লগতে সকলো আৰক্ষীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা চিকিত্‍সা খৰচ চৰকাৰে বহন কৰাৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

এগৰাকী হোমগাৰ্ড লোভৰ বশৱৰ্তী হোৱাতো কোনো ডাঙৰ কথা নাছিল। পূৰ্বতে হোমগাৰ্ডক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছিল। কিন্তু বৰছিং বে’ পৃথক বুলিও শৰ্মাই মন্তব্য প্ৰকাশ কৰে। ইপিনে অসম আৰক্ষীক উদ্দেশ্যি তেওঁ কয় যে, আৰক্ষীয়ে আগতেও অভিযান চলাইছিল।বৰছিং বে’ অসম আৰক্ষীৰ বাবে সাহিকতাৰ প্ৰতীক বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অভিহিত কৰে।

উল্লেখ্য ২১ জুনৰ নিশা ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছত বৰসং বে’য়ে তালাচী চলাই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত বাছৰ চালকে বৰছিং বে’ক টকা দিয়াৰ লোভ দেখুৱাইছিল যদিও নিজৰ সততা বিক্ৰী নকৰি সিঙে আটক কৰিছিল চালকজনৰ সৈতে আন দুগৰাকী মহিলাক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply