গুৱাহাটী: গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ সমীপতে আজি দিনদুপৰতে মাছৰ উজান । ৰাজপথত কেৱল মাছ । সেই পথেৰে অহা যোৱা মানুহ ব্যস্ত হৈছিল মাছ ধৰাত ।
আবেলি প্ৰায় ৩.৩০ মান বজাত পাতলীয়া বৰষুণ জাকৰ বাবে ৰাজপথ কিছু পিছল হৈ পৰিছিল,
মাছ কাঢ়িয়াই অনা এএছ ০২ বিচি ২৫৭২ নম্বৰৰ ডি আই বাহন,এখন ট্ৰাক, আৰু এখন অইল টেংকাৰৰ মাজত সংঘটিত হৈছিল এই দুৰ্ঘটনা । এই দূৰ্ঘটনাত মাছ কাঢ়িয়াই অনা ডি আই খনৰ চালক জন গুৰুতৰ ভাবে আহত হৈছিল । এই দুৰ্ঘটনাৰ পিছতে গাড়ী খনৰ পৰা মাছবোৰ ৰাজপথত সিচৰতি হৈ পৰিছিল ।

মাছ কঢ়িয়াই অনা বাহন খনে অইৰ টেংকাৰ খনৰ পিছফালে খুন্দা মৰাত ডি আই খনৰ সন্মুখৰ ভাগটো সম্পূৰ্ণ ৰূপে নষ্ট হৈ পৰে । এই দুৰ্ঘটনাৰ পিছতে সমগ্ৰ পথচোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্থ বাহন দুখন তাৰ পৰা আতৰ কৰাৰ পিছতে স্বাভাবিক হয় ।
ঘটনাৰ পিছতে দুৰ্ঘটনাগ্ৰস্থ বাহন খনৰ চালক জনক উদ্ধাৰ কৰাৰ সলনি একাংশই ব্যস্ত হৈ পৰে ৰাজপথত মাছ বুটলাত । আৰক্ষী উপস্থিত হোৱাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰন হয়।