ধেমাজি সদৰ আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহ লগত জড়িত ৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধেমাজি আৰক্ষীয়ে জানিবলৈ দিয়া মতে গেলুৱা চিমেন চাপৰিৰ পৰা আনিছিল চোৰাং গৰু কেইটা।
৪৯টা গৰু সহ দুখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ।


জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ হৈছে- AS01LC-7970 আৰু MN0303176। চোৰাং গৰু সৰবৰাহ কৰি নি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকক কেইজনক। বৰ্তমান ধেমাজি সদৰ থানাত আছে ধৃত লোককেইজন আৰু গৰুসহ ট্ৰাকেইখন।


বৰ্তমান অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা লোক কেইজন জব্দ কৰা গাড়ী দুখনৰ লোক। চোৰাং গৰু ব্যবসায়টোৰ সৈতে জড়িত সকলক বিচাৰ খোচাৰ আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply