গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল), অসম শক্তি উৎপাদন নিগম লিমিটেড (এপিজিচিএল) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এইজিচিএল)ৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু কোম্পানীসমূহক নিজৰ গ্ৰাহকসকললৈ উন্নত মানৰ সেৱা প্ৰদানৰ লগতে তেওঁলােকৰ ৰাজহ উৎপাদন বৃদ্ধি তথা লাভ অর্জন সুনিশ্চিতকৰণৰ বাবে উপযুক্ত পৰিকল্পনা প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে। গুৱাহাটীৰ বিজুলী ভৱনত তিনিওটা কোম্পানীৰ শীর্ষ কর্মকর্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রতিষ্ঠানকেইটাৰ গুণগত প্রদর্শন উন্নীতকৰণ তথা গ্রাহকসকললৈ সক্রিয় সেৱা প্রদানক ৰাজহ সংগ্ৰহৰ সৈতে সামঞ্জস্য ৰখাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

ৰাজহ সংগ্রহ হ্রাস আৰু ইয়াৰ ফলত হােৱা লােকচানৰ ওপৰত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ কোম্পানীসমূহক ৰাজহ লােকচানৰ বাবে দায়ী কাৰণবােৰ চিনাক্ত কৰি সেইবােৰ দূৰ কৰাৰ ৰণনীতি প্রস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে বিদ্যুৎ কোম্পানীবােৰক ৰাজহ উপার্জন আৰু লাভ বৃদ্ধিৰ উপায় অন্বেষণৰ স্বাৰ্থত উদ্ভাৱনীমূলক পদক্ষেপ হাতত ল’বলৈও পৰামর্শ প্রদান কৰে। একাংশ প্ৰৱঞ্চক গ্রাহকে বিদ্যুত বিল ৰাহি কৰিবলৈ সন্দেহজনক পদ্ধতি গ্রহণ কৰাৰ ফলত এপিডিচিএলৰ ৰাজহৰ বৃহৎ ক্ষতি হােৱাৰ দিশটোলৈ আঙুলিয়াই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই লােকচানৰ জোৰা মৰাৰ লগতে বিদ্যুৎ ক্রয়ৰ ধন পৰিশােধ কৰিবলৈ এপিডিচিএল-এ বিদ্যুতৰ শুল্কৰ নিৰিখ বৃদ্ধি কৰিবলৈ অসম বিদ্যুৎ নিয়ামক আয়ােগৰ কাষ চাপিবলৈ বাধ্য হৈছে। সর্বসাধাৰণ ৰাইজে বিদ্যুত শুল্কৰ এই বর্ধিত হাৰৰ বােজা বহন কৰিব লাগিব, কিয়নাে অসৎ পন্থা অৱলম্বন কৰা গ্ৰাহকসকলৰ ফলত হােৱা লােকচানৰ ক্ষতিপূৰণ সাধাৰণ ৰাইজৰ পৰাই আদায় কৰা হয়।

গ্রাহকসকলে যাতে বিদ্যুতৰ শুল্ক পৰিশােধ কৰাটো এৰাই চলিব নােৱাৰে, তাৰ বাবে উপযুক্ত ৰণনীতি প্রস্তুত কৰিবলৈ আৰু ব্যৱস্থাটোৰ এটিবােৰ দূৰ কৰিবলৈ তেওঁ বিদ্যুৎ কোম্পানীবােৰক নির্দেশ দিয়ে। ৰাজ্যখনত বিদ্যুৎ চুৰি বন্ধ কৰা আৰু সংবহন আৰু বিতৰণ লােকচান হ্রাস কৰাৰ অর্থে তীক্ষ দৃষ্টি ৰাখিবলৈও ড° হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ কোম্পানীসমূহক নির্দেশ দিয়ে। এই বৈঠকত মুখ্যমন্ত্ৰীয়ে এপিডিচিএলক বিদ্যুৎ মাছুল পৰিশােধ নকৰা গ্ৰাহকসকলৰ এটা প্রফাইল প্রস্তুত কৰিবলৈও কয়।

লগতে পঢ়ক : গোলাঘাটত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান শিবিৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ

তেওঁ লগতে কোম্পানীসমূহক চিমেন্ট কোম্পানী আৰু অন্যান্য গুৰুত্বপূৰ্ণ গ্রাহকসকলৰ এখন তালিকা প্রস্তুত কৰিবলৈ, তেওঁলােকৰ উৎপাদন বা সেৱাসমূহ জিএছটি ৰিটাৰ্ণ আৰু বিদ্যুতৰ বিলৰ সৈতে মিলাবলৈও নির্দেশ দিয়ে। এই কার্যই ব্যৱহৃত বিদ্যুতৰ মুঠ পৰিমাণ আৰু ইয়াৰ বিপৰীতে পৰিশােধ কৰা বিদ্যুতৰ বিলৰ মাজত সামঞ্জস্য অনাত সহায় কৰিব। অসমৰ জনসাধাৰণৰ লগতে বাণিজ্যিক প্রতিষ্ঠানসমূহলৈ নিৰৱচ্ছিন্নভাৱে আৰু মানবিশিষ্ট বিদ্যুৎ যােগান নিশ্চিত কৰাৰ বাবে বিদ্যুৎ কোম্পানীসমূহৰ গাঁথনিগত আৰু গুণগত সংস্কাৰৰ বাবে অত্যাধুনিক প্রযুক্তি প্রয়ােজনীয়তাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply