নিউজ ডেস্কঃ ড্ৰাগছৰ আসক্তিয়ে বৰ্তমানৰ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। ৰাজ্য়ত দ্ৰুতগতিত বৃদ্ধি পাইছে ড্ৰাগছৰ অবৈধ বেহা।
বিভিন্ন প্ৰান্তত একাংশই চলাই প্ৰশাসনত বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।
শেহতীয়াকৈ ছচিয়েল মিডিয়াৰ এটা পোষ্টে সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পোষ্টটোৰ লগতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।
ভিডিঅ’টো ধিংৰ টুকটুকীৰ বুলি জানিব পৰা গৈছে।
এইদৰেই টুকটুকীত মুকলিকৈ চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ।

ৰিবুল হক নামৰ এজন লোকে ফেচবুকৰ জৰিয়তে চলাইছে ড্ৰাগছৰ মুকলি ব্যৱসায়।
পিছে এই সন্দৰ্ভত আৰক্ষী-প্ৰশাসনে কোনো ধৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰা নাই।
ইয়াক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্নৰ উত্থাপন হৈছে।
ইফালে গৌৰীপুৰৰ দক্ষিণ টিয়ামাৰীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ কফ চিৰাফ ।
আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চাৰিজনকৈ ড্ৰাগছ ব্যৱসায়ী।
ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে হাফিজুৰ ৰহমান, ৰফিকুল ইছলাম, আমিৰ আলী, নিশাৰ আমিন।
As 17 F 2747 নম্বৰৰ এখন ইয়ন গাড়ীত ড্ৰাগছখিনি লৈ আহিছিল চাৰি ড্ৰাগছ ব্যৱসায়ীয়ে।
গাড়ীখনৰপৰা বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ, কফ চিৰাফ উদ্ধাৰ হোৱাৰ লগতে উদ্ধাৰ হৈছে এখন তৰোৱাল।