নিউজ ডেস্কঃ যোৰহাটৰ মাজমজিয়া অৱস্থিত চ’ক বজাৰত বৃহস্পতিবাৰে নিশা এক বিধ্বংসী অগ্নিকাণ্ডত সংযোগ হয়। নিশা প্ৰায় ৯.১৫ বজাত সংযটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় দুঘণ্টা মানৰ ভিতৰতে সম্পূৰ্ণৰূপে জিলাখনৰ আটাইতকৈ পুৰণি বজাৰখন জুই জাহ যায় বুলি ক’ব পাৰি।

জানিব পৰা অনুসৰি, প্ৰথমতে চ’কবজাৰৰ কাষতে থকা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ দিশৰ পৰা কেইখনমান দোকানতহে জুই লাগিছিল। কিন্তু অঞ্চলটোত থকা মাত্ৰ দুখন অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। যাৰ ফলত পিছলৈ সম্পূৰ্ণ বজাৰখনতেই জুই বিয়পি পৰে।    

পিচত প্ৰশাসনে জুই নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হোৱাত প্ৰশাসনে শিৱসাগৰ, টীয়ক, তিতাবৰ, মৰিয়নী, দেৰগাওঁ আৰু গোলাঘাট জিলা আদিৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী মাতি পঠায়।

অগ্নিকাণ্ড ইমানেই ডাঙৰ আছিল যে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ভিতৰলৈ সোমাই যোৱাত বহু জটিলতাৰ সন্মুখীন হয়। যাৰ বাবে পিছলৈ প্ৰশাসনে বায়ুসেনা, অ’ এন জি চি আৰু নুমলীগড় ৰিফাইনেৰীৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীও মাতি পঠিৱাৰো পৰিস্থিতি হয়।

স্থানীয় লোক আৰু দোকানৰ মালিক সমূহে জনোৱা অনুসৰি , প্ৰশাসনে প্ৰথমে ল’বলগীয়া পদক্ষেপ নোলোৱাৰ বাবে সমগ্ৰ বজাৰখনতেই জুই বিয়পি পৰে। লগতে, পৌৰসভাৰ বিশৃংখল কিছু পৰিকল্পনা বাবে বজাৰৰ ৰাস্তাটোৰ আজি মাত্ৰ ঠেক হোৱাৰ কথাও উল্লেখ কৰে।

বৰ্তমানলৈকে জুই সংযোগৰ কোনো স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজৰ লগতে প্ৰশাসনে বৈদ্যুতিক লাইনৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে, যোৰহাটৰ এই চ’ক বজাৰখন বিট্ৰিছৰ আমোলতে স্থাপন হৈছিল। এই ঐতিহ্যমণ্ডিত চ’ক বজাৰখন এশবছৰৰো অধিক পুৰণি। নিশাৰ এই অগ্নিকাণ্ডত জাহ যোৱা প্ৰায় ৬০০খনৰো অধিক দোকানসমূহৰ মালিকে নিজৰ পৰিয়ালৰ লগতে কৰ্মচাৰীসকল পৰিয়ালকো পোহপাল দি আহিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply