প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মঠঘড়ীয়াত ভয়ংকৰ ঘটনা। এজন অভিযন্তাৰ ডিঙি কাটি দুৰ্বৃত্তই লুটি নিলে ধন।
সংকট জনক অৱস্থাত অভিযন্তা কিশোৰ কলিতাক মঠঘড়ীয়াৰ গেট হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অভিযন্তাজন।

মঠঘড়ীয়াৰ বড়ো চকৰ বাসিন্দা কিশোৰ কলিতাই ৰেল বিভাগত অভিযন্তা হিচাপে কৰ্মৰত হৈ আছিল।

মঙলবাৰে সন্ধিয়া মঠঘড়ীয়াৰ পৰা নুনমাটি অভিমুখে কিশোৰ কলিতাই খোজ কাঢ়ি গৈ থকা অৱস্থাত ৰেল লাইনত এটা দুৰ্বৃত্তৰ দলে অভিযন্তাজনক আগছি ধৰি চোকা অস্ত্ৰৰে ডিঙি ৰেপি নগদ সাত হাজাৰ টকা, সোণৰ চেইন আৰু মোবাইল ফোন লুটি লৈ যায়।

তেজেৰে লুতুৰী পুতুৰী অৱস্থাত অভিযন্তা জনক স্থানীয় লোকে আৰক্ষীৰ সহযোগত সংকটজনক অৱস্থাত গেট হাস্পাতালত ভৰ্ত্তি কৰায়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply