মেষ : (অ,আ, ল)- আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব ৷  সিদ্ধান্ত লওঁতে সাৱধানে লʼব৷ সমস্যা দূৰ হ’ব৷

বৃষ (উ,ই,ব)-আৱেগিক চিন্তাবোৰ কমকৈ কৰক৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক৷ বিবাহ উপযোগী যুৱক-যুৱতীৰ বাবে সু-সংবাদ পাব পাৰে।

মিথুন (ক,ছ)- দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দিত হৈ থাকিব। খৰচ বৃদ্ধি হʼব পাৰে ৷  কঠোৰ পৰিশ্ৰমে সফলতা প্ৰদান কৰিব৷ কিছু আইনি পৰামৰ্শৰ বাবে কোনো আইনজীৱীৰ ওচৰলৈ যোৱাৰ পক্ষে ভাল দিন।

কর্কট (ড,হ)- আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব৷  সামান্য আঘাত পোৱাৰ সম্ভাৱনা আছে। প্ৰভাৱশালী মানুহৰ লগত সময় কটাবলৈ আপোনাৰ বহুত সুযোগ থাকিব।

সিংহ (ম,ট)- আজিৰ দিনটো শাৰীৰিক, মানসিক ভাৱে হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজতে সফলতা পাব।

কন্যা (প,থ,ঠ)- প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিক সকলৰ বাবে আজিৰ দিনটো শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব।

তুলা (ৰ,ত)-আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হােৱাৰ যােগ। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। ৰাজনীতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব।

বৃশ্চিক (ন,য)-  আজিৰ দিনটো শাৰীৰিকভাৱে শুভ। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ।

ধনু (ধ,ভ)-সামান্য আঘাত পোৱাৰ সম্ভাৱনা আছে। দিনটোৰ আৰম্ভণিতে যিমান পাৰে কামবোৰ আগুৱাই ৰাখিবলৈ চেষ্টা কৰক। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ। 

মকৰ (খ,জ)- শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে। সংগীৰ সৈতে কোনো কথাত মনোমালিন্য হ’ব পাৰে।

কুম্ভ (গ,শ,স)- অপ্ৰয়োজনীয়ভাৱে ধন খৰচ কৰাৰ ক্ষেত্ৰত সতৰ্ক হওক। সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে আজি এটা ভাল দিন। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ।

মীন (দ,চ)- অলপ শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে। সংগীৰ সৈতে যোগাযোগ কৰাটো অলপ কষ্ট হ’ব পাৰে। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply