গোলাঘাট– নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উঠিছে ধনৰ উজান ৷ 

খুমটাই চাৰিআলিতো ষ্টেটিক ছাৰ্ভিলেন্স দলে অভিযান চলাই জব্দ কৰে  ১লাখ ২০হেজাৰ টকা৷ 

নিৰ্বাচনী আয়োগৰ নীতি উলংঘা কৰা সকলৰ বিৰুদ্ধে অভিযানত নামি পৰিছে প্ৰশাসন।

ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বহুকেইগৰাকী ধন সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত ৷ 

খুমটাই চাৰিআলিত শুকুৰবাৰে নিশা ষ্টেটিক ছাৰ্ভিলেন্স দলে এখন বলেৰ’ পিকাপ বাহনৰ পৰা নগদ ১লাখ ২০হেজাৰ টকা জব্দ কৰে । 

মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰা গোলাঘাট অভিমুখী আছিল গাড়ীখন । গাড়ীখনৰ নম্বৰ AS 02 CC 1843 ।

গাড়ীখনত অহা ৩জন লোকে  ব্যৱসায়ীক কামত  টকা খিনি লৈ অহা বুলি উল্লেখ কৰিছে যদিও কোনো নথিপত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে আৰক্ষীয়ে জব্দ কৰে  টকাখিনি। 

বৰ্তমান আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply