লংকাঃ লংকাৰ কাকীৰ পৰা হোজাই জিলা চাইল্ড লাইনৰ তৎপৰতাত নাবালিকা উদ্ধাৰ।

হায়ংথলৰ প্ৰসেনজিৎ দাস নামৰ যুৱক জনে প্ৰায় তিনিমাহ মান পূৰ্বে মিলনপুৰৰ পৰা পলোৱাই আনিছিল যুৱতীগৰাকীক।

বিয়া পতাৰ উদ্দেশ্যেৰে নাবালিকাগৰাকীক শিৰত সেন্দুৰ দি যুৱকজনৰ ঘৰতে ৰাখিছিল যদিও বিশেষ সূত্ৰে হোজাই চাইল্ড লাইনে খবৰ পোৱাত প্ৰসেনজিতৰ দাসৰ ঘৰৰ পৰা কাকী আৰক্ষীৰ সহযোগত নাবালিকাগৰাকীক উদ্ধাৰ কৰি নগাঁও শিশুগৃহলৈ প্ৰেৰণ কৰে যদিও শিশু সুৰক্ষা আইন ভঙ্গ কৰা প্ৰসেনজিৎৰ বিৰূদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব।

ইফালে সোধপোছৰ বাবে প্ৰসেনজিতৰ পিতৃ কান্তি দাসক সোধপোছৰ বাবে আটক কৰে যদিও প্ৰসেনজিত পলাতক অৱস্থাত আছে ৷

লগতে পঢ়কঃ অনিমেষ ভূঞা হত্যাকাণ্ডৰ আন এজন অভিযুক্ত গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply