মাজুলীঃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত মাজুলীৰ তেলিয়াবাৰি নৱ ৰাঙলীবাহাৰ গাৱঁৰ প্ৰদীপ দাস (৪৯) নামৰ লোকজন। বিগত ৬ মাহৰ পৰা ৰোগত আক্ৰান্ত লোকজন। যোৰহাট চিকিৎসালয়ত দুৰাৰোগ্য ৰোগটো ধৰা পৰা পিছৰ পৰাই প্ৰদীপ দাসৰ পৰিয়াললৈ নামি আহে অন্ধকাৰ। ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি ডিব্ৰুগড়ত ৩ মাহ দিনে চিকিৎসা কৰিছিল যদিও আৰোগ্য হোৱা নাই প্ৰদীপ দাস।

লগতে পঢ়কঃ মৃত্যুদূতলৈ পৰিণত হৈছে লখিমপুৰ জিলাৰ কদম ৰাজহচক্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথ

এতিয়া পৰিয়ালৰ শেষ আশা চৰকাৰ তথা মানবদৰদী ৰাইজৰ। ঘৰৰ সকলো সম্পত্তি বিক্ৰী কৰাৰ পিছত এতিয়া সৰ্বশ্ৰান্ত হৈ পৰিছে প্ৰদীপ দাসৰ পৰিয়ালটো। প্ৰদীপ দাসক সুস্থ কৰি তুলিবলৈ ৰাইজ তথা চৰকাৰক সহায় বিছাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। যদি কোনো সুহৃদয় লোকে প্ৰদীপ দাসৰ পৰিয়ালক সহায় কৰিব বিচাৰে তেনেহ’লে 7209029004823 Account number IFSC CODE -UTBIORRBAGB যোগে সহায় আগবঢ়াব পাৰিব।


Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply