ছয়গাঁওঃ শুকুৰবাৰে পুৱাৰে পৰা হঠাৎ মিৰ্জাত চলিল উচ্ছেদ অভিযান। মিৰ্জাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দোকান-পোহাৰত চলিল উচ্ছেদ। মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ’কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দোকান- পোহাৰ, বেনাৰ-পোষ্টাৰসমূহ উচ্ছেদ কৰে।
লগতে পঢ়কঃৰচিদুলে মোবাইল ফোন চুৰ কৰি বিক্ৰী কৰিছিল ৰবিন্দ্ৰক : দুয়ো আটক
মিৰ্জাত প্ৰতিদিনে অভাৱনীয়ভাৱে বাঢ়ি অহা যান-যঁটৰ সমস্যা ৰোধৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে পলাশবাৰী প্ৰশাসনে লয় এই ব্যৱস্থা। পাৰ্কিঙৰ সুব্যৱস্থা নথকাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অবৈধভাৱে যান-বাহনসমূহ পাৰ্কিং কৰা হয়। সেয়ে পাৰ্কিঙৰ ব্যৱস্থা নিয়াৰিকৈ কৰাৰ বাবে এনেদৰেই উচ্ছেদ চলাই পলাশবাৰী প্ৰশাসনে।