মৰাণঃ মৰাণত ‘আছু’ৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰোহিণী কুমাৰ গগৈ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সপ্তবিংশতিতম বহাগী মহোৎসৱ। আজি পুৱা সদৌ অসম ছাত্ৰ সন্থা আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰাৰ পিছতে সাতাইছখন বিহুৰ পতাকা উত্তোলন কৰে মৰাণৰ বিশিষ্ট আৰু জ্যেষ্ঠ ব্যক্তি সকলে। ইয়াৰ পিছতে মৰাণৰ ভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলী জনোৱা হয়। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে অংশগ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই।

লগতে পঢ়কঃদক্ষিণ গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থাৰ মুকলি সভা ও তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। আনহাতে একে দিনাই উদযাপন সমিতিৰ সভাপতি ড৹ অনিল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ কুমাৰ নাথ আৰু গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকিব সাংবাদিক তথা ব্যক্তিগত সংবাদ মাধ্যমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply