চিৰাং : বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে চিৰাং বন বিভাগৰ সফল অভিযান। বনৰৌসহ গ্ৰেপ্তাৰ কৰিলে বহিঃৰাজ্যৰ বন্যপ্ৰাণী সৰবৰাহকাৰীক। অধিক তথ্যৰ বাবে ধৃত বন্যপ্ৰাণী সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে বন বিভাগে।

চিৰাংত বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বন বিভাগে এক বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন সুত্ৰৰ ভিত্তিত চিৰাং জিলা বন বিভাগে অভিযান চলাই ঢালিগাঁৱৰ পৰা এটা বনৰৌসহ তিনিজন চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

বন্যপ্ৰাণী সৰবৰাহকাৰী তিনিজনকৰ পৰা বন বিভাগ এখন চাৰিচকীয়া বাহনো জব্দ কৰিছে। ধৃত চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰী কেইজন ক্ৰমে শঙ্কু দত্ত, সন্দীপ সাহা আৰু আৰাধন সৰকাৰ। শঙ্কু দত্ত, সন্দীপ সাহাৰ ঘৰ পশ্চিম বংগৰ মালদা আৰু আৰাধন সৰকাৰৰ ঘৰ বঙাইগাঁও জিলাৰ চুঙাপুতা।

লগতে পঢ়ক : এতিয়াও বাংলাদেশলৈ চলি গৰুৰ চোৰাং সৰবৰাহ

বন্যপ্ৰাণী সৰবৰাহকাৰী তিনিজনৰ মুল ব্যক্তি শঙ্কু দত্ত এন চি বিৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। বন্যপ্ৰাণী তিনিজনে এক কোটি টকাৰ বিনিময়ত বনৰৌটো বিক্ৰী কৰাৰ চুক্তি কৰিছিল বুলি বন বিভাগৰ পৰা জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply