ইষ্টম'জ' অসম
ইষ্টম'জ' অসম

শিৱসাগৰ- অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি দিনা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে শিৱসাগৰ এখন হোটেলতে সংবাদ মেল সম্বোধন কৰে। 

ৰঞ্জিত দাসে শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুৱঁৰী হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লয়।

আৰু পঢ়কঃআজি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ

সংবাদমেলখনত প্ৰথম পৰ্যায় নিৰ্বাচনত বিজেপিয়ে ৪৭ আসনৰ ভিতৰত ৪৬ খন লাভ কৰিব বুলিও ৰঞ্জিত দাসে উল্লেখ কৰে।

লগতে ৰাজ্যখনৰ ১২৬ খন বিধানসভাৰ ভিতৰত প্ৰায় ১০০ খন আসন বিজেপি মিত্ৰদলে  লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।

আৰু পঢ়কঃ‘কা’ৰ সন্দৰ্ভত বিজেপি দিশহাৰা হৈছেঃকংগ্ৰেছ

বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰতিশ্ৰুতি অনুসৰি জাতি মাটি ভেটি সুৰক্ষাৰ লগতে সৰ্বাঙ্গীন উন্নতি সাধন কৰাৰ বাবে এই ৰাইজে পুনৰ বিজেপি আৰু মিত্ৰ দলৰ চৰকাৰক আদৰি লোৱা সংকল্প লৈছে।

ড০ ভূপেন হাজৰিকাকো অসমীয়াই ভাল পাই কিন্তু তেওঁক ৰাজনৈতিক নেতা হিচাপে নিবিচৰা বাবে গুৱাহাটী লোকসভা নিৰ্বাচনত  ভূপেন হাজৰিকাৰ দৰে স্বনামধন্য ব্যক্তিও পৰাজিত হৈছিল বুলি ৰঞ্জিত দাসে উল্লেখ কৰে।

সেয়ে এইবাৰ অখিল গগৈৰ পৰিৱৰ্তে সুৰভী ৰাজকুৱঁৰীৰ জয় নিশ্চিত বুলি  ৰাজ্যিক সভাপতি গৰাকীয়ে সংবাদ মেল খনত উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply