দক্ষিণ শালমাৰা – দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বৃহস্পতিবাৰে বিয়লিৰ ভাগত জিলা আৰক্ষীৰ নিৰ্দেশত আৰক্ষীয়ে নাকা চেকিং বহুৱাই বিভিন্ন বাহনত তালাচি চলায়। নিৰ্বাচনী অধিসূচনা বলবত হোৱাৰ বাবে আৰক্ষীয়ে নাকা চেকিং বহুৱাই বহি জিলা আৰু বহি ৰাজ্যৰ পৰা লোক সকলৰ লগতে ভি আই পি আৰু ভি ভি আই পিৰ গাড়ীত তালাচি চলাই থকা পৰিলক্ষিত হয়।

আৰক্ষীয়ে জানিব দিয়া মতে কোনো লোকে যাতে জিলাখনৰ মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিত অবৈধভাৱে টকা আনিব নোৱাৰে তাৰ বাবে এই অভিযান চলাই থকা হৈছে। উল্লেখ্য যে সমাগত অসম বিধানসভাৰ ‘নির্বাচনী আচৰণ বিধি’ বলবৎ হােৱাৰ পিছৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

বুধবাৰ পৰ্যন্ত অসম আৰক্ষী, ফ্লায়িং স্কোৱাড আৰু আৰকাৰী বিভাগৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্রান্তত বৃহৎ পৰিমাণৰ নগদ ধন আৰু সুৰা জব্দ কৰা হৈছে। নির্বাচনী আচৰণ বিধি বলবৎ হােৱাৰ পৰা বুধবাৰ পৰ্যন্ত মুঠ ৬৪.৪৩ লাখ নগদ ধন আৰু ৫৩.৫৮ লাখ টকা মূল্যৰ সুৰা জব্দ হৈছে।

যােৱা ২৬ ফেব্ৰুৱাৰীত আচৰণ বিধি বলবৎ হােৱাৰ পিছদিনা অর্থাৎ ২৭ ফেব্ৰুৱাৰীত ২০,৭০,০০০ টকা, ১ মার্চত ৮,৬০৫ টকা, ২ মার্চত ৫,৬২,০৯০ টকা আৰুবুধবাৰে ৩৮,২,৪০০ টকা মিলি সৰ্বমুঠ ৬৪,৪৩,০৯৫ টকা আৰক্ষী আৰু ফ্লায়িং স্কোয়াডে জব্দ কৰিছে। আনহাতে আৰক্ষী আৰু আবকাৰী বিভাগে পৃথকে পৃথকে চলােৱা অভিযানত যােৱা ২৬ ফেব্ৰুৱাৰীত মুঠ ৭,৬৫৯ লিটাৰ, ২৭ ফেব্ৰুৱাৰীত ১২,৪০২ লিটাৰ, ২৮ ফেব্ৰুৱাৰীত ১০,০৩২ লিটাৰ, ১ মার্চত ২৭,৩৪৬ লিটাৰ, ২ মার্চত ৩৭,৩৭৮ লিটাৰ আৰু বুধবাৰে ২৩,৬৮৮ লিটাৰ মিলি সৰ্বমুঠ ১,১৮,৫০৫ লিটাৰ সুৰা জব্দ কৰে। এই সুৰাখিনিৰ বজাৰ মূল্য ৫৩,৫৮,৪২৬ টকা।

আনহাতে নির্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি বিশ্বনাথ, ডিব্ৰুগড়, যােৰহাট, কলিয়াবৰ আৰু লখিমপুৰ জিলাৰ পৰা উত্থাপিত পাঁচটা অভিযােগৰ ক্ষেত্ৰত নির্বাচন বিভাগে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। হিতাধিকাৰীৰ মাজত স্কুটাৰ বিতৰণ কৰিব খােজা, ট্রাকত কম্বল পৰিবহন, ৰাজহুৱা স্থানত পােষ্টাৰ লগােৱা, বিবাহ অনুষ্ঠানৰ নামত নিশা উচ্চ প্রাবল্যৰ সংগীত বজোৱা বিষয়ত উত্থাপিত অভিযােগৰ উত্তৰত প্ৰশাসনে পদক্ষেপ গ্রহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply