গুৱাহাটী- দেশৰ প্ৰথম মহিলা কমাণ্ডো গোটৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম অসমীয়া তথ্যচিত্ৰ ‘ বীৰাংগনা’ই ”কোচি আন্তৰ্জাতিক চুটি চলচ্চিত্ৰ বঁটা ২০২১” লাভ কৰিবলৈ সক্ষম হৈছে। ৮ ফেব্ৰুৱাৰীত এই ফলাফল ঘোষণা কৰা হৈছিল। এই তথ্যচিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কলিতাই।

এই তথ্যচিত্ৰখনে ভাৰত আৰু বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱতো অংশগ্ৰহণ কৰিছে। ”চিনে মেকিং আন্তৰ্জাতিক চলচ্চিত্ৰ বঁটা ২০২০”, ঢাকা, বাংলাদেশ, ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱ, লণ্ডন চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, তামিলনাডু স্বাধীন চলচ্চিত্ৰ মহোৎসৱতো অংশগ্ৰহণ কৰি প্ৰশংসা লাভ কৰিছে।

২১ মিনিটৰ তথ্যচিত্ৰখনত অসম আৰক্ষীৰ মহিলা কমাণ্ডোৰ এই ইউনিটৰ বিভিন্ন কাৰ্যকলাপ তথা মহানগৰীৰ গুৱাহাটীত মহিলাৰ অপৰাধীৰ বিৰোদ্ধে মোকাবিলা কৰাত তেওঁলোকৰ ভূমিকাক চিত্ৰিত কৰা হৈছে। বীৰাংগনা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ বাবে এক বিশাল আদৰ্শ।
পৰিচালক কিশোৰ কলিতাই ‘বীৰাংগনা’ তথ্যচিত্ৰখন তেওঁৰ পিতৃৰ স্মৃতিত অসম আৰক্ষীলৈ উৎসৰ্গিত কৰিছে। ‘বীৰাংগনা’ ৰ কাহিনী উৎপল দত্তৰ। সম্পাদনা কৰিছে দিগন্ত বৰাই, সংগীত অভিজিত বৰ্মনৰ। তথ্যচিত্ৰখনৰ শীৰ্ষক গানটোত কন্ঠ নিগৰাইছে জনপ্ৰিয় গায়িকা জুবলী বৰুৱাই ।