মঙলদৈ, প্ৰবীণ বৰুৱা: ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমীৰ বাবে এটি আনন্দৰ খবৰ যে ২০২২ বৰ্ষৰ ভাৰতীয় চলচ্চিত্ৰ প্ৰতিষ্ঠান (ইণ্ডিয়ান ফিল্ম ইনষ্টিটিউট)ৰ দহখন শ্ৰেষ্ঠ ভাৰতীয় চিনেমাৰ তালিকাত স্থান লাভ কৰিছে প্ৰযোজক, পৰিচালক কংকন ডেকাৰ দৰঙী থলুৱা ভাষাৰ ছবি উপসৰ্গই। 

বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত উপসৰ্গ, সচেতন দৰ্শক, চিনেৰসিকৰ দ্বাৰা যথেষ্ট উচ্চ-প্ৰশংসিত হৈছিল। ছয়জন বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা ছবি নিৰ্মাতাৰ দ্বাৰা নিৰ্বাচিত ছবিসমূহৰ ভিতৰত উপসৰ্গই স্থান পোৱাতো নিশ্চয়কৈ এক সুখবৰেই।

বিশিষ্ট চলচ্চিত্ৰ সমালোচক ভৰদ্বাজ ৰংগণ, এম কে ৰাঘৱেন্দ্ৰ, স্বপন মাল্লিক, উৎপল দত্ত (অসম), মুৰ্তজা আলী খান আৰু খ্ৰীষ্টফাৰ ডেল্টন (আমেৰিকা) নিৰ্বাচকমণ্ডলীত আছিল। এই তালিকাখনত বহুচৰ্চিত কান্টাৰা, পি এচ-১, ৰকাট্ৰি দা নাম্বি ইফেক্ট আদি ছবিও অন্তৰ্ভুক্ত।

উল্লেখযোগ্য যে, যোৱা ১০ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা পঞ্চম শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁ‌টা অনুষ্ঠানতো উপসৰ্গই জুৰীৰ বিশেষ উল্লেখৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। 

“বিউটিফুল লাইভছ”ৰ পিছত প্ৰযোজক, পৰিচালক কংকন ডেকাৰ দ্বিতীয়খন বাস্তৱধৰ্মী ছবি আছিল উপসৰ্গ। অসমৰ পটভূমিতেই একেবাৰেই সাধাৰণ তথা খাটি খোৱা মানুহৰ অভাৱক্লীষ্ট অৱস্থাই তেওঁ‌লোকক কিদৰে এক অপৰাধমুখীতাৰ দিশলৈ আগুৱাই নিয়ে তাৰেই এখন সঁ‌চা ছবি উপসৰ্গ।

দৰঙীয়া ভাষাত (দৰং জিলাৰ কথিত ভাষা)ত নিৰ্মিত ছবিখন এক ৰুঢ়,তিক্ত বাস্তৱৰ ছবি। যদিওবা এই ৰুঢ় সত্যক চলচ্চিত্ৰৰ ৰূপ দিয়াৰ ক্ষেত্ৰত কোনো অভাৱ পৰিলক্ষিত হোৱা নাছিল। 

আৱহ সংগীতত ওজাপালিৰ সুন্দৰ ব্যৱহাৰ এক উল্লেখনীয় দিশ, যিদৰে কাহানিও অভিনয় নকৰা দুজন ব্যক্তিক মূখ্য চৰিত্ৰত সম্পূৰ্ণ সহজ অভিনয় কৰোৱা পৰিচালকৰ আন এক প্ৰশংসনীয় দিশ। ইয়াকে লৈ দৰঙৰ সাংস্কৃতিক মহলত এক আনন্দৰ জোৱাৰ উঠে।

লগতে পঢ়ক – ৰকিবুল হুছেইন-দেৱব্ৰত শইকীয়াই এৰিব ৰাজ্যৰ ৰাজনীতি!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply