ছানিয়া মিৰ্জাৰ চৰিত্ৰত অভিনয় কৰিব তাপসী পন্নুৱে
ছানিয়া মিৰ্জাৰ চৰিত্ৰত অভিনয় কৰিব তাপসী পন্নুৱে

নিউজ ডেস্ক- বিশ্বখ্যাত টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ জীৱনৰ আধাৰত নিৰ্মিত হ’ব এখন চলচ্চিত্ৰ। যিখন চলচ্চিত্ৰত ছানিয়াৰ চৰিত্ৰত অভিনয় কৰিব বলীউদ অভিনেত্ৰী তাপসী পন্নুৱে। প্ৰযোজক ৰণী স্ক্ৰুৱালাই অভিনেত্ৰী গৰাকীৰ লগত এই সন্দৰ্ভত আলোচনা কৰিছে।

তাপসীয়ে চলচ্চিত্ৰখনৰ স্ক্ৰীপ্টো পছন্দ কৰিছে।

কেইবছৰমান আগতে এটা সাক্ষাৎকাৰতো তাপসীয়ে উল্লেখ কৰিছিল যে তেওঁ ইন্দিৰা গান্ধী বা ছানিয়া মিৰ্জাৰ চৰিত্ৰত পৰ্দাত অভিনয় কৰিবলৈ আগ্ৰহী।

আৰু পঢ়কঃ আপুনি নিজৰ পেন কাৰ্ড খন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিলেনে?

বৰ্তমান তাপসীয়ে প্ৰাক্তণ ক্ৰিকেটাৰ মিতালী ৰাজৰ জীৱনৰ ওপৰত আধাৰিত ক্ৰীড়াভিত্তিক চলচ্চিত্ৰ ‘Shabash Mittu’ৰ বাবে প্ৰস্তুতি চলাই আছে।

অভিনেত্ৰী তাপসী পন্নুৱে নিজৰ অভিনয় প্ৰতিভাৰে খুব কম সময়তে বলীউদত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

বিগত দুটা বৰ্ষৰ ভিতৰতে তাপসীয়ে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।

আৰু পঢ়কঃ দুখীয়া ৰোগীৰ বাবে মাৰোৱাৰী হাস্পাতালৰ বিশেষ সুবিধা

মডেলিং জগতত জনপ্ৰিয়তা লাভ কৰা তাপসী পন্নুৱে ২০১০ চনত তেলেগু চলচ্চিত্ৰ ”ঝুমমাণ্ডী নাডাম”ৰ জৰিয়তে অভিনয়ৰ জগতত খোজ পেলাইছিল। ইয়াৰ পিছতেই তামিল চলচ্চিত্ৰ ”আদুকালাম”ত অভিনয় কৰিছিল।

জনপ্ৰিয় পৰিচালক ডেভিড ধাৱানৰ ”Chashme Baddoor” নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে বলীউদত প্ৰথম খোজ পেলাইছিল তাপসী পন্নুৱে।

‘Thappad’ চলচ্চিত্ৰখনৰ কাৰণে তাপসীয়ে  শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইফা এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply