নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ মৈনপুৰীত মাটিৰ তলত উদ্ধাৰ ৪০০০বছৰ পুৰণি তামৰ অস্ত্ৰ-শস্ত্ৰ। জিলাখনৰ তেহছলী কুৰাৱালি অঞ্চলৰ গণেশপুৰ গাঁৱৰ বাহাদুৰ সিং ফৌজী নামৰ কৃষকজনে পথাৰত থকা এটা মাটিৰ টিলা সমান কৰি থকা অৱস্থাতে উদ্ধাৰ হয় তৰোৱাল, চুৰি, ত্ৰিশূলকে ধৰি প্ৰায় ৩৯বিধ তামৰ অস্ত্ৰ-শস্ত্ৰ। কৃষকজনে সোণ-ৰূপ বুলি ভাবি এই অস্ত্ৰ-শস্ত্ৰবোৰ নিজৰ ঘৰলৈ লৈ গৈছিল। ইতিমধ্যে অস্ত্ৰ উদ্ধাৰৰ খবৰ সমগ্ৰ অঞ্চলতেই বিয়পি পৰিছিল। এই তথ্য স্থানীয় আৰক্ষীয়ে লাভ কৰা পাছত উদ্ধাৰস্থলীত আৰক্ষী,পুৰাতত্ত্ব বিভাগৰ লোকে সকলো অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ লগতে ঠাইখন ছীল কৰি দিয়ে।

তামৰ এই অস্ত্ৰ-শস্ত্ৰখিনি গৱেষণাৰ পিছত ওলোৱা ফলাফলক লৈ পুৰাতত্ত্ববিদসকলৰ কৌতুহলতা দুগুণে বৃদ্ধি পাইছে।জনা যায় যে, প্ৰাচীন কালতো ভাৰতীয় সৈন্যৰ হাতত আছিল এই ধৰণৰ অস্ত্ৰ-শস্ত্ৰ। একাংশ বিশেষজ্ঞই এই অস্ত্ৰবোৰ দ্বাপৰ যুগৰ বুলি অভিহিত কৰিছে। এই অস্ত্ৰসমূহ ৪০০০ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply