নিউজ ডেস্কঃ সমগ্ৰ দেশত নিৰ্বাচনী ফলাফলৰ মাজতে আহিল এক বেয়া খবৰ। আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২ত প্ৰথম মেচখনত পাকিস্তানক পৰাস্ত কৰাৰ পাছত দ্বিতীয়খন মেচত পৰাস্ত হ’ল মহিলা ভাৰতীয় দলটো। নিউজিলেণ্ডৰ হাতত ৬২ ৰানৰ ব্যৱধানত পৰাস্ত হয় ভাৰত।

হেমিল্টনৰ ছেডান পাৰ্কত অনুষ্ঠিত এই মেচখনত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ অধিনায়ক মিতালী ৰাজে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অৱস্থাত ভাৰতে ভাল খেল প্ৰদৰ্শন কৰে যদিও নিউজিলেণ্ড দলৰ অধিনায়ক ছৌফী ডিবাইন, এমেলিয়া কেৰ আৰু এমী সেথৰ্টৱেটে অতিকৈ ভাল খেল খেলে।

এই মেচখনত নিউজিলেণ্ডে ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৬০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মেচখনত এমী সেথৰ্টৱেটে ৭৫ ৰান আৰু এমেলিয়া কেৰে ৫০ ৰান সংগ্ৰহ কৰে। ভাৰতীয় মহিলা বলাৰ পূজা বস্ত্ৰকাৰে ৪টা উইকেট, ৰাজেশ্বৰী গায়কৱাডে দুটা উইকেট, ঝুলন গোস্বামী আৰু দিপ্তী শৰ্মাই এটা এটাকৈ উইকেট লয়।

ইফালে, ২৬১ ৰানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ৰিজত নামি ভাৰতীয় দলটোৱে আৰম্ভণিতে বৰ বিশেষ ভাল খেল প্ৰদৰ্শন নকৰে। তাৰ মাজতে অৱশ্যে হৰমনপ্ৰীত কৌৰে ৬৩ বলত ৭১ ৰান সংগ্ৰহ কৰে যদিও, ভাৰতীয় মহিলা দলটোৱে ৪৬.৮ অভাৰত মাত্ৰ ১৯৮ ৰান সংগ্ৰহ কৰিবলৈহে সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply