নিউজ ডেস্কঃ কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহৰ দেৱাল সোণৰ প্ৰলেপেৰে জিলিকাই তোলা হয়। জানিব পৰা মতে গোটেই মন্দিৰটোৰ গৰ্ভগৃহ সোণৰ প্ৰলেপ দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে ৫৫০ খন সোণৰ প্লেট। 

পূৰ্বে, এই মন্দিৰৰ গৰ্ভগৃহৰ চাৰিখন দেৱালত ৰূপৰ প্ৰলেপ দিয়া হৈছিল। তিনি দিনৰ ভিতৰত, মন্দিৰৰ চৌহদটো সোণেৰ প্ৰলেপেৰে সজ্জিত কৰা হয়। মুঠ ১৯ জন শিল্পীয়ে তিনি দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিছে। আই.আই.টি. ৰুৰকীৰ কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠানৰ এটা ছয় জনীয়া দল এই প্ৰক্ৰিয়াটোৰ পৰিচালনাৰ দায়িত্বত আছিল। সোণৰ প্লেটবোৰ ১৮ টা ঘোঁৰাৰ দ্বাৰা মন্দিৰলৈ অনা হৈছিল।

উল্লেখ্য যে, কেইবছৰমান পূৰ্বে, প্ৰলয়ংকাৰী বানপানীত কেদাৰনাথ মন্দিৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। পিছত । পিছে মন্দিৰটো পুনৰ দুৰ্যোগৰ সন্মুখীন হ’ব পাৰে বুলি শংকিত হৈ পৰিছে পুৰোহিতসকল। অৱশ্যে, সকলো প্ৰকাৰৰ নিয়ম মানি চলি ৰূপৰ প্ৰলেপ আঁতৰাই সোণৰ প্ৰলেপ দিয়া হৈছে বুলি স্পষ্ট কৰি দিছে মন্দিৰ কৰ্তৃপক্ষই।

লগতে পঢ়কঃগুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২০নৱেম্বৰত গীত পৰিৱেশন কৰিব বলীউড কন্ঠশিল্পী লাকী আলীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply