পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে চৰণজিত সিং চন্নীয়ে। ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতে পাঠ কৰোৱালে শপত বাক্য। নতুন মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীৰ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিল ৰাহুল গান্ধী। মুখ্যমন্ত্ৰীৰ সৈতে সুখজিন্দৰ ৰান্ধাৱা আৰু অ পি ছনীক উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।
পঞ্জাৱত ২০২২ চনত অনুষ্ঠিত হ’ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। সেই অনুসৰি নতুন মুখ্যমন্ত্ৰীগৰাকী কেৱল মাত্ৰ ৫ মাহৰ বাবে দায়িত্বত থাকিব। কিন্তু ৫ মাহৰ বাবে হলেও এগৰাকী দলিতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা বিষয়টোৱে এতিয়া ৰাজ্যখনৰ দলিতসকলৰ মনত আনন্দ দিছে।
স্বাধীনতাৰ পিছৰে পৰা, পঞ্জাৱত ১৫ জনে মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলে যদিও এবাৰো দলিতে এই সুযোগ লাভ নকৰিলে। পঞ্জাৱত জনসংখ্যাৰ ৩২ শতাংশ দলিত। ১১৭ খন বিধানসভা আসনৰ ভিতৰত, ৩৪ খন আসন সংৰক্ষিত। সাধাৰণ আসনৰ ওপৰতো প্ৰভাৱ আছে দলিতসকলৰ।ৰাজ্যখনৰ দোৱাবা অঞ্চলটো দলিতেই নিৰ্ণায়ক ভূমিকা পালন কৰে। দলিতসকলৰ ভোট বিভাজন হলেও তেওঁলোকেই কিং মেকাৰৰ ভূমিকা পালন কৰে।

চৰণজিত সিং চন্নী মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব দিয়াৰ পিছৰে পৰা তেওৰ বিৰুদ্ধে পূৰ্বতে আই এচ মহিলা বিষয়াই তোলা MeToo অভিযোগ পুনৰ চৰ্চাত তুংগত উঠিছে । চৰণজিত সিং চন্নীৰ গ্ৰেপ্তাৰৰ দাবী তোলা টুইট এতিয়া ট্ৰেন্ডিঙত আছে ।