নিউজ ডেস্কঃ পশ্চিম বংগৰ পঞ্চলা বাজাৰৰ পেংগবৰ বিবাদক লৈ আজি পুনৰ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। একাংশ দুষ্কৃতিকাৰীয়ে এই সময়চোৱাত আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়।

ইয়াৰ পূৰ্বে যোৱাকালিও একাংশ এলেকাত বিজেপিৰ পৰা নিলম্বিত নেতা নুপুৰ শৰ্মা আৰু বিজেপিৰ পৰা নিলম্বিত নবীন কুমাৰ জিন্দৰ বিতৰ্কিত মন্তব্যৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীয়ে। ইফালে, প্ৰশাসনে ১৫ জুন, ২০২২লৈকে চহৰখনত তিনি বা তাতোধিক লোকক একগোট নহ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

তাৰ পূৰ্বে অৰ্থাৎ শুকুৰবাৰে পঞ্চলা এলেকাত শিল নিক্ষেপ কৰিছিল একাংশ লোকে। তদুপৰি হাৱড়া জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীয়ে ৰেল পথ অৱৰোধ কৰিছিল।

তাৰপাছত শুকুৰবাৰে সন্ধিয়া ভাগত ৰাজ্য চৰকাৰে হাৱড়া জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰিছিল। ইফালে, চৰকাৰী বিষয়া এগৰাকীয়ে এই সন্দৰ্ভত কয় যে- বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে।

ইফালে, প্ৰতিবাদকাৰীৰ দাবী- বিজেপিৰ নেতা দুগৰাকীক ধৰ্মীয় বিতৰ্কিত মন্তব্য কৰাৰ বাবে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে। আনহাতে, আৰক্ষীৰ এগৰাকী বিষয়াই কয় যে- ঘূলাগড় আৰু পঞ্চলাত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়। আৰু তাৰপাছতে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply