নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এনএমচি) দ্বাদশ শ্ৰেণীৰ পিছত মেডিকেল অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে নতুন নিয়ম কাৰ্যকৰী কৰিছে। এতিয়াৰ পৰা, শিক্ষাৰ্থীসকলৰ ওপৰত কোনো নিম্নতম নম্বৰৰ প্ৰয়োজন নহ’ব। দৰাচলতে, তেওঁলোকে দ্বাদশ শ্ৰেণীত উত্তীৰ্ণৰ শতাংশৰ আধাৰত এনইইটি (NEET)ত বহিব পাৰে।

ইয়াৰ লগতে NEET বাচনি পৰীক্ষা দিবলৈ শিক্ষাৰ্থীৰ নূন্যতম বয়সৰ ম্যাদ এমাহ বৃদ্ধি কৰা হৈছে। পূৰ্বতে ৩১ ডিচেম্বৰৰ ভিতৰত ১৭ বছৰৰ সম্পূৰ্ণ কৰিলেহে NEET পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা পাইছিলে পিছে এতিয়াৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত ১৭ বছৰৰ বয়স সম্পূৰ্ণ কৰিব লাগিব। সময়সীমা এমাহলৈ বৃদ্ধি কৰা হৈছে যাতে অধিক শিক্ষাৰ্থীয়ে পৰীক্ষা দিব পাৰে। চিকিৎসাত শিক্ষা পঢ়িবলৈ স্থান পোৱাৰ পিছত শিক্ষাৰ্থীসকলে এতিয়াৰ পৰা সৰ্বাধিক ৯ বছৰৰ ভিতৰত এম.বি.বি.এছ. সম্পূৰ্ণ কৰিব লাগিব।

ইয়াৰোপৰি এতিয়াৰে পৰা কোনো চিকিৎসা মহাবিদ্যালয়ে আন যিকোনো উপায়েৰে শিক্ষাৰ্থীক নামভৰ্তি কৰা নোৱাৰিব। তেনে কৰিলে মহাবিদ্যালয়ে খনে ১ কোটিৰ টকাৰ পৰ্যন্ত জৰিমনা ভৰিব লাগিব। যদি এনে ভুল দ্বিতীয়বাৰৰ কৰে তেন্তে মহাবিদ্যালয়খনক পূৰ্বকৈ দুগুণ জৰিমনা বিহাৰ লগতে আসনৰ সংখ্যা হ্ৰাস কৰা হ’ব।

লগতে, যদি কোনো দুই বা ততোধিক শিক্ষাৰ্থীয়ে NEET ত একে স্থান লাভ কৰে তেন্তে চিকিৎসা মহাবিদ্যালয়ে খনে শিক্ষাৰ্থী বাচনিৰ ক্ষেত্ৰত প্ৰথমে পদাৰ্থ বিজ্ঞানৰ নম্বৰ বিবেচনাৰ কৰিব। ইয়াৰ পিছত ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানত প্ৰাপ্ত নম্বৰবোৰ বিবেচনা কৰিব।  

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ২০২৪ ৰ পৰা নেশনেল এক্সিট টেষ্টৰ কাৰ্যকাৰী কৰাৰ বাবে সিদ্ধান্ত লৈছে। শিক্ষাবিদ আশীষ অৰোৰাই কয় যে, এমবিবিএছৰ পঞ্চম বৰ্ষত শিক্ষাৰ্থীসকলে এই পৰীক্ষা দিব লাগিব। মাত্ৰ এই এটা পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে পৃথকে পিজিৰ বাবে প্ৰৱেশ পৰীক্ষা এতিয়াৰে পৰা দিব নালাগিব।

শিক্ষাৰ্থীসকল কেৱল এই নেশনেল এক্সিট টেষ্টৰ ফলাফলৰ জৰিয়তে পিজিত পঢ়িবলৈ স্থান লাভ কৰিব। পিছে শিক্ষাৰ্থীসকলে কেৱল নেশনেল এক্সিট টেষ্টৰ জৰিয়তেহে মেডিকেলৰ প্ৰেকটিছ কৰিব পাৰিব। বিদেশত অধ্যয়ন কৰি অহা শিক্ষাৰ্থীসকলৰ বাবেও এই নিয়ম প্ৰযোজ্য হ’ব।

লগতে পঢ়ক – “ৰিচাৰ্জেণ্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগৰ অধিৱেশনত বিভিন্ন বিষয়ত পেনেল আলোচনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply