বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ অলপ ভুল হৈছে : ৰিপুন বৰা

হোজাই – বিটিচি নিৰ্বাচনত কংগ্ৰেছ দলৰ অলপ ভুল হৈছে। ভৱিষ্যতে এনে ভুল নকৰে কংগ্ৰেছ দলে। বিটিচি নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয় পৰাজয়ৰ পিছত মুখ খুলিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

বড়ো ভূমিত বিজেপি, ইউ পি পি এল আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে বড়ো ভূমিৰ শাসন নিজৰ হাতলৈ আনিবলৈ সক্ষম নহ’লেও বি পি এফ দলে নিৰ্বাচনত অন্যান্য সকলো দলৰ তুলনাত অধিক আসন লাভ কৰিছে।

বড়ো ভূমিত সকলো ৰাজনৈতিক দলে ভাল ফলাফল লাভ কৰাৰ পৰিবৰ্তে কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ শোচনীয় হৈছে বড়ো ভূমিত। ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বড়ো ভূমিত এই প্ৰদর্শনে কংগ্ৰেছ দলৰ কর্মী সকলৰ মনোবল ভাঙি পেলোৱাটো স্বাভাৱিক।

ইয়াৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই কংগ্ৰেছ কর্মী সকলক পুনৰ উৎসাহিত কৰি তুলিব পৰাকৈ এক মন্তব্য প্ৰকাশ কৰিছে। ৰিপুন বৰাই বিটিচিত কংগ্ৰেছ দলৰ বেয়া ফলাফলৰ আঁৰত আছে কংগ্ৰেছ দলৰ অলপ ভুল বুলি মন্তব্য কৰিছে। ৰিপুন বৰাই লগতে কয় যে কংগ্ৰেছ দলৰ এনে ভুল ভৱিষ্যতে নহয়।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতা কেৱল বিটিচি নিৰ্বাচনৰ বাবেহে হৈছল। আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ কোনো মিত্ৰতা হোৱা নাই বুলিও মন্তব্য কৰে ৰিপুন বৰাই। মঙলবাৰে হোজাই জিলাৰ কাকীত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দলীয় প্ৰচাৰ চলাবলৈ আহি কপাহবাৰীত এইদৰে মন্তব্য কৰে ৰিপুন বৰাই৷

কাকীলৈ যোৱাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক দলীয় কৰ্মী সকলে কপাহবাৰীত উষ্ম আদৰণি জনায়৷ ৰিপুন বৰাৰ লগত সুৰ মিলাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা নোহোৱাৰ কথা উল্লেখ কৰি হাইকামাণ্ডে এই ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া সকলোৱে মানি ল’ব বুলি মন্তব্য কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply