ৰূপহীহাটত বলিছে নিৰ্বাচনী গৰম বতাহ

ৰূপহীহাট – অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। বিধানসভা নিৰ্বাচনকলৈ কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দল। ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত ৰাজনৈতিক দল সমূহ। ইয়াৰ মাজতে ৰূপহীহাটত বলিবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহ। ৰূপহীহাটত বাইক ৰেলী অনুষ্ঠিত কৰি ৰাইজৰ দলৰ শক্তি প্ৰদৰ্শন।

সমাগত বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনকলৈ ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ, আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন ধৰণৰ শক্তি প্ৰদৰ্শন। অসম বিধানসভাৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হৈছে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টি। সমষ্টিটো দখল কৰাৰ উদ্দেশ্যে ইতিমধ্যে ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে ৰূপহীহাটত নিৰ্বাচনী প্ৰচাৰ অভিযান।

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোনোবাই যদি আৰম্ভ কৰিছে আধাৰশিলা স্থাপন। কোনোবাই আকৌ সমষ্টিটোত বিভিন্ন সভা অনুষ্ঠিত কৰি চলাই গৈছে ভোটাৰ ৰাইজৰ আকৰ্ষণ কৰাৰ প্ৰচেষ্টা। মুঠৰ ওপৰত সকলোৱে ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই কৃষক মুক্তি সংগ্রাম সমিতি আৰু ৭০ টাকৈ সংগঠনৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলৰ নেতা-কৰ্মী সকল।

বুধবাৰে ৰূপহীহাট সমষ্টিৰ ৰাইজৰ দলৰ কৰ্মী-সমৰ্থক সকলে এক বৃহৎ বাইক ৰেলী উলিয়াই অখিল গগৈ জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, অখিল গগৈক মুক্তি দিয়ক ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ। ৰাইজৰ দলৰ প্ৰতি জনতাক আকৰ্ষিত কৰিবলৈ উলিওৱা বাইক ৰেলীত সংগ দিয়ে ৰাইজৰ দলৰ নগাঁও জিলাৰ সমন্বয়ক ইক্ৰামুল মজিদে। বাইক ৰালী লৈ ইক্ৰামুল মজিদ সমষ্টিটোত থকা চৰাঞ্চল সমূহত উপস্থিত হৈ বিভিন্ন লোকৰ লগত মত বিনিময় কৰে।

বাইক ৰালীৰ অন্তত ইক্ৰামুল মজিদে কয় “অসমৰ নিপীড়িত জনগণৰ ন্যায়ৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াটোৱে হৈছে ৰাইজৰ দলৰ মূল লক্ষ্য। চৰ-চাপৰিত সন্দেহজনক বাংলাদেশী থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত ইক্ৰামুল মজিদে কয় “এয়া কংগ্ৰেছে কৰি গৈছে। যেতিয়া অজয় সিং অসমৰ ৰাজ্যপাল আছিল তেতিয়া তেওঁ কৈছিল প্ৰতিদিনে ছয় হাজাৰ বাংলাদেশী অসমত প্ৰৱেশ কৰে। একাংশই বাংলাদেশীৰ ভয় দেখুৱাই হিন্দু ভোট একত্ৰিত কৰি ভোট বেংকৰ ৰাজনীতি কৰি আহিছে”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply