নিউজ ডেস্ক: আজি পুৱাই সংঘটিত হৈছে মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা। পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত মহিলাৰ হাতৰ পৰা দুৰ্বৃতই থপিয়াই নিয়ে বেগ। পুৱাই মহিলাগৰাকীয়ে পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা স্কুটীৰে আহি থকা দুৰ্বৃত্তই থপিয়াই নিয়ে মহিলাগৰাকীৰ বেগটো।

গুৱাহাটীৰ বেলতলাৰ চন্দন নগৰত সংঘটিত হৈছে এই ঘটনা। এখন স্কুটীত আহিছিল দুই দুৰ্বৃত্ত। এই সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত।

জানিব পৰা মতে, চন্দন নগৰৰ এটা পৰিয়ালত বনকৰা মহিলা হিচাপে কৰ্মৰত মহিলাগৰাকী। বৰ্তমান এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply