নিউজ ডেস্কঃ আপুনি যদি সুৰা ক্ৰয় কৰিবলৈ যায় তেনেহ’লে এতিয়াৰ পৰা ল’ব লাগিব কোভিডৰ দুই পালি ভেকচিন।
কাৰণ কোভিডৰ দুই পালি ভেকচিন লোৱাৰ পাছতহে আপুনি সুৰা ক্ৰয় কৰিবলৈ পাৰিব।
এই নতুন নিয়ম বলৱৎ হৈছে তামিলনাডুৰ ওটি জিলাত। ওটি জিলা উপায়ুক্ত টিএমটি.জে. ইনোচেণ্ট দিব্যাই এক নিৰ্দেশ প্ৰদান কৰি কয় যে, কেৱল দুই পালি টিকাকৰণ কৰা গ্ৰাহককহে সুৰা বিপনীয়ে সুৰা বিক্ৰী কৰিব পাৰিব ।
লগতে পঢ়কঃ‘বোক্সী’ নামৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ হিন্দী ছবিৰে বলিউদত খোজ অসমৰ ভাৰ্গৱৰ
লগতে কোৱা হয় যে সুৰা বিপনী সমূহতো কেৱল টিকাকৰণ কৰা কৰ্মচাৰীসকলেহে সুৰা বিক্ৰী কৰিবলৈ অনুমতি লাভ কৰিব। এই নিয়ম ওটিত বাধ্যতামূলক কৰা হৈছে।
জিলাখনৰ প্ৰায় ৯৭ শতাংশ লোকক প্ৰথম বা দ্বিতীয় পালি ভেকছিন প্ৰদান কৰা হৈছিল। প্ৰশাসনে সকলো নাগৰিককে সম্পূৰ্ণ টিকাকৰণ কৰাৰ স্বাৰ্থত এই পদক্ষেপটো গ্ৰহণ কৰিছে।
এই নতুন নিয়ম বলৱৎ কৰি বিশেষভাৱে চৰ্চিত হৈছে উপায়ুক্তগৰাকী।