গুৱাহাটী – বিজ্ঞান আৰু বাণিজ্য শিক্ষাৰ প্ৰসাৰৰ বাবে শিক্ষা বিভাগে আৰু ৭৮৫খন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব৷ ৰাজ্য চৰকাৰে মুঠ ১ হাজাৰখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু ইয়াৰে ২১৫খন ইতিমধ্যে উন্নীত কৰা হৈছে৷

উল্লেখ্য যে চলিত বিধানসভা অধিবেশনত এআইইউডিএফৰ বিধায়ক চিৰাজউদ্দিন আজমলৰ এটা প্ৰশ্নৰ উত্তৰত কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম বিধানসভাত ঘোষণা কৰি কয় যে অসমত বিজ্ঞান আৰু বাণিজ্য শিক্ষাৰ প্ৰসাৰ সীমিত হৈয়েই আছে৷ মাত্ৰ ১৪ শতাংশ ল’ৰা-ছোৱালীয়েহে বিজ্ঞান পঢ়ে৷ যাৰ বাবে বিজ্ঞান আৰু বাণিজ্য শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সেই অনুসৰি উন্নীতকৰণৰ তালিকাও প্ৰস্তুত কৰা হৈছে৷ বিজ্ঞান আৰু বাণিজ্য শিক্ষাৰ বাবে উন্নীত হ’বলগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলো সমষ্টিতে সমহাৰত প্ৰদান কৰা হ’ব।

ইফালে কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাৰ এটা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰীয়ে কয় যে ৰাজ্যত ৩৭৭খন মহাবিদ্যালয় আছে আৰু ইয়াৰ ভিতৰত ১০৭খন মহাবিদ্যালয়ত বিজ্ঞান শাখা আছে৷ বিজ্ঞান শিক্ষাৰ  প্ৰতি ছাত্ৰ-ছাত্ৰীসকল আগ্ৰহী নহয়৷ যাৰ ফলত প্ৰতি বছৰে বিজ্ঞান শাখাৰ সকলো আসনত নামভৰ্তি সম্পূৰ্ণ নোহোৱাকৈ ৰৈ যায়৷ কংগ্ৰেছী বিধায়িকাগৰাকীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে  এখন বিজ্ঞান শাখাৰ মহাবিদ্যালয় থাকোতে কাষৰ আন এখন মহাবিদ্যালয়ত বিজ্ঞান শাখা খুলিলে প্ৰকৃততে উন্নতি হ’ব নে নহয় সেই কথা অধ্যয়নৰ প্ৰয়োজন আছে৷ গতিকে নতুনকৈ বিজ্ঞান শাখা খুলিলে আগৰখন ক্ষতিৰ সন্মুখীন হ’ব নেকি সেই কথাও বিবেচনা কৰিব লাগিব৷ মন্ত্ৰীজনে কয় যে বহুক্ষেত্ৰত দেখা যায় ওচৰা-উচৰিকৈ দুখন বিজ্ঞান শাখাৰ মহাবিদ্যালয় থাকিলে দুয়োখনে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়৷ তেওঁ কয় যে ৫০খন মহাবিদ্যালয়ত বিজ্ঞান শাখা খোলাৰ প্ৰস্তুতি চলোৱা হৈছে৷ ইয়াৰে ১৬খনত ইতিমধ্যে আৰম্ভ হ’ল৷

মন্ত্ৰী ডাঃ পেগুৱে আৰু কয় যে শিক্ষা বিভাগে শিক্ষানুষ্ঠানত শিক্ষক-ছাত্ৰৰ আনুপাতিক হাৰ নিৰীক্ষণ কৰিবলৈ ‘শিক্ষা সমীক্ষা কেন্দ্ৰ’ নামৰ এটা প’ৰ্টেল খুলিব৷ এই প’ৰ্টেলত কেন্দ্ৰীয়ভাৱে প্ৰতিদিনে প্ৰতিখন জিলাত থকা বিদ্যালয়ৰ শিক্ষক-ছাত্ৰৰ আনুপাতিক হাৰৰ তথ্যসমূহ উপলব্ধ হ’ব৷ এই প’ৰ্টেলৰ সহায়ত যিখন শিক্ষানুষ্ঠানত ছাত্ৰৰ অনুপাতে শিক্ষক কম সেইখন বিদ্যালয়ত শিক্ষকৰ ব্যৱস্থা কৰিব৷ তেওঁ কয় যে শিক্ষক-ছাত্ৰৰ আনুপাতিক হাৰ নিৰীক্ষণ কৰি জিলাখনৰ ভিতৰত শিক্ষক বদলিৰ বাবে শিক্ষা বিভাগে একোখনকৈ কমিটী গঠন কৰি দিছে৷ জিলা পৰ্যায়ৰ এই কমিটীখনেও শিক্ষক বদলি কৰিব পাৰে৷ জিলা পৰ্যায়ৰ কমিটীখনক বদলিৰ কৰ্তৃত্ব দিয়া হৈছে যদিও লেকামো ধৰিব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰী ডাঃ পেগুৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply