বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃত

নিউজ ডেক্স:- অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ বুধবাৰে অন্তিম দিনা গৃহীত হ’ল অসমত বড়ো ভাষা সহযোগী ভাষা হিচাপে ৷

সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সংশোধনী প্ৰস্তাৱ আনিছিল কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰুকায়স্থই ৷ নিজ সংশোধনী প্ৰস্তাৱত পুৰুকায়স্থই কয়- “বড়ো ভাষাক সহযোগী কৰাত আমাৰ আপত্তি নাই ৷ কিন্তু বঙালী ভাষীৰ সংখ্যা অসমত বহুত ৷ সেয়ে বাংলা ভাষাকো সহযোগী হিচাপে স্বীকৃতি দিব লাগে ৷”

ইয়াৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় – “BTR চুক্তি মতেহে বড়ো ভাষাক সহযোগী ভাষা কৰা হৈছে ৷ এই চুক্তিৰ জৰিয়তে অসমত শান্তি আহিছে ৷ এটা সময়ত অসম বিভাজনৰ বাবে দাবী উঠিছিল ৷ BTR চুক্তিৰ জৰিয়তে অসম একত্ৰিত হৈছে ৷ ইয়াক সন্মান জনাব লাগে ৷ বিৰ্তক কৰিব নালাগে কোনোৱে।

বিত্ত তথা শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত কয়,

বড়ো ভাষা অসমৰ সংৰক্ষিত অঞ্চলত কংগ্ৰেছৰ দিনতে ১৯৮৫তে চৰকাৰী ভাষা আছিল ৷ এতিয়া সেই সীমাবদ্ধতা উঠাই দি সমগ্ৰ অসমতে সহযোগী ভাষা কৰা হৈছে ৷ ভূমিপুত্ৰক কিবা এটা দিলে বাকীসকলৰ মনত আকোৰগোজ মনোভাব থাকিব নালাগে ৷

বিৰোধী দলপতিক অনুৰোধ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, বড়ো জাতিৰ প্ৰতি সন্মান জনাই সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই |

ইয়াৰ পিছতেই কমলাক্ষ দেব পুৰকায়স্থৰ সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ লগে লগে শাসক-বিৰোধীৰ প্ৰস্তাৱ ক্ৰমে সদনত গৃহীত হয় বড়ো ভাষা অসমৰ সহযোগী ভাষা হিচাপে ৷

ইয়াৰ বিপৰীতে কিন্তু নিজৰ দাবীত অটল থাকে সদনৰ মজিয়াত বিধায়ক কমলাক্ষ দেব পুৰকায়স্থ ৷বাঙালী ভাষাক ৰাজ্যৰ সহযোগী ভাষা কৰাৰ দাবীৰে শেষত সদন ত্যাগ কৰে কংগ্ৰেছী বিধায়ক জনে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply