শিৱসাগৰ:- সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মঙলবাৰে শিৱসাগৰৰ ঐতিহাসিক বডিং খেলপথাৰত ‘আছু’ৰ সদ্য বিদায়ী শিক্ষা সম্পাদক তথা শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা শৰৎ হাজৰিকাক ৰাজহুৱা ভাৱে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় সম্বৰ্দ্ধনা জনায় ।
ঐতিহাসিক শিৱসাগৰৰ পৰা সংগ্ৰামী চেতনাৰে জাতিৰ হকে আগবাঢ়ি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত সুদীৰ্ঘ তিনি দশকৰো অধিক কাল সেৱা আগবঢ়ায় সদ্যসমাপ্ত আছু’ৰ সপ্তদশ দুলীয়াজান অধিবেশনত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লোৱা শিক্ষা সম্পাদক গৰাকীক মটৰ চাইকেল ৰেলিৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে আদৰি আনে বডিং খেলপথাৰলৈ ।

ইয়াৰ পিছতে জাতীয় জীৱনৰ বিভিন্ন সমস্যাৰ লগতে সমাজৰ নানা দিশৰ উত্তৰণৰ স্বাৰ্থত অহোপুৰুষাৰ্থ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ অক্লান্ত সৈনিক শৰৎ হাজৰিকাক ৰাজহুৱা বিদায় সম্বৰ্দ্ধনা জনোৱা হয় ।
উক্ত অনুষ্ঠানত উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত মহন্ত, আদৰ্শ মাতৃ তথা সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড° নিৰুপমা মহন্তকে ধৰি শিৱসাগৰৰ যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।